26.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

Job Updates: ইন্দিৰা গান্ধীৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ত ২০০ পদ খালী

Assamese NewsJob Updates: ইন্দিৰা গান্ধীৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ত ২০০ পদ খালী

ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয় অর্থাৎ ইগন’ত খালী হৈছেJunior Assistant-cum-Typist (JAM)ৰ ২০০ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Junior Assistant-cum-Typist (JAM)ৰ ২০০ পদৰ ভিতৰত অসংৰক্ষিত ৮৩, এছচিৰ ২৯, এছটিৰ ১২, অ’বিচিৰ ৫৫ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২১ পদ সংৰক্ষিত থাকিব৷ বয়স ৩১ মার্চ, ২০২৩লৈ ১৮–২৭ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷

আবেদন মাচুল হিচাপে অসংৰক্ষিত, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১,০০০ টকা পৰিশোধ কৰাৰ বিপৰীতে এছচি, এছটি আৰু মহিলা প্রার্থীয়ে ৬০০ টকা ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷ মাহে ১৯,৯০০–৬৩,২০০ টকা লাভ কৰিব৷ আবেদনকাৰী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ লগতে ইংৰাজী প্রতি মিনিটত ৪০টা শব্দ আৰু হিন্দীত ৩৫টা শব্দ কম্পিউটাৰত টাইপিং কৰিব পৰা হ’ব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈIndira Gandhi National Open Universityৰ ৱেবছাইটhttp://www.ignou.ac.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২০ এপ্রিল, ২০২৩৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!