বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৩৩ পদ খালী – Guwahati Times
October 21, 2020

বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৩৩ পদ খালী

কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত উচ্চ শিক্ষাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত(Bodoland University) খালী হৈছে অধ্যাপকৰ ৩৩ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Professorৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–English (1), Assamese (1), Bodo (1), Economics (1), History (1), Political Science (1), Biotechnology (1), Mathematical Sciences (1), Computer Science & Technology (1), Management Studies (1), Chemistry (1), Physics (1), Commerce (1) আৰুEducation (1)৷ দৰমহাৰ নিৰিখ ১,৪৪,২০০–২,১৮,২০০ টকা৷ আনহাতে, সহযোগী অধ্যাপকৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Assamese (2), Economics (1), History (1), Computer Science & Technology (1), Management Studies (2), Chemistry (2), Physics (1), Botany (2), Zoology (1), Geography (1) আৰুEducation (2)৷ দৰমহাৰ নিৰিখ ১,৩১,৪০০–২,১৭,১০০ টকা৷ শেষত সহকাৰী অধ্যাপকৰ পদ পূৰণ হ’বলগীয়া বিভাগ দুটা হৈছে–Bio-Technology আৰুManagement Studies৷ দৰমহাৰ নিৰিখ ৫৭,৭০০–১,৮২,৪০০ টকা৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ বাবে ১০০০ টকা আৰু এছ চি/এছ টি শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা ডিমাণ্ড ড্রাফটযোগে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ হকে এছ বি আইৰ উত্তৰ কোকৰাঝাৰ শাখাত পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.bodolanduniversity.ac.in  লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ পাঁচটকীয়া ডাক টিকট লগোৱা এটি অতিৰিক্ত খাম আবেদনৰ লগত প্রেৰণ কৰিব লাগিব৷ আবেদন প্রেৰণৰ ঠিকনা–To The Registrar, Bodoland University, P.O.- Rangalikhata (Debargaon), Dist.-Kokrajhar (Assam), PIN- 783370৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৬ নৱেম্বৰ, ২০২০৷

error: Content is protected !!