38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পিছত সৃষ্টি হৈছে বহু প্ৰশ্নৰ!

Assamese Newsজোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পিছত সৃষ্টি হৈছে বহু প্ৰশ্নৰ!

উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই। চি আই ডিয়ে তীব্ৰগতিত চলাইছে ঘটনাৰ তদন্ত। ইতিমধ্যে কেতবোৰ তথ্য পোহৰলৈ আহিছে এই ঘটনা সন্দৰ্ভত। ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে চাঞ্চল্যকৰ ভাষ্য। তাৰ মাজতে এটা ভাইৰেল অডিঅ’ ক্লিপে অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনাক। ইয়াৰ মাজতে প্ৰকাশ পাইছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।

কি আছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত
জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, জোনমণিৰ মূৰৰ পিছফালে আছে আঘাত। এই আঘাতৰ বাবেই ব্ৰেইন হেম’ৰেজ হৈ মৃত্যু হৈছিল জোনমণিৰ। কিন্তু দুৰ্ঘটনাত মূৰৰ পিছফালে আঘাত পোৱাটো সন্দেহজনক।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, মৃত্যুৰ সময়ত মগজুৰ ৰক্তক্ষৰণ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈছিল জোনমণি ৰাভাৰ। তল পেটৰ অভ্যন্তৰতো আঘাত পাইছিল জোনমণিয়ে। আঁঠু, ভৰি আৰু কিলাকুটিটো প্ৰচণ্ড আঘাত পাইছিল জোনমণিয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!