যোৰহাটত দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে অনিমেষ ভূঞাঁক

1 min read

যোৰহাটত শিহৰণকাৰী ঘটনা। দিন দুপৰতে দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰিলে আছু নেতা অনিমেষ ভূঞাক।

গণপ্ৰহাৰত মৃত্যু আছুৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ। এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইফালে যোৰহাটৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। এনে ঘটনাৰ বলি সতীৰ্থ এজনক হেৰুৱাই ক্ষুব্ধ হৈ পৰিছে আছু নেতৃত্ব। ২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি চৰকাৰক দাবী জনাইছে আছুৰ সভাপতি দীপাংক নাথ আৰু সম্পাদক শংকৰজ্যোতি বৰুৱাই।

 

বাতৰি লিখা পৰলৈকে ইতিমধ্যে ১০ জন লোকক এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে বুলি এডিজিপি জি পি সিঙে জানিব দিছে।

You May Also Like

More From Author