যোৰহাটৰ ম’হবন্ধা পুৰণা লাইন প্ৰাথমিক বিদ্যালয়ত “জন ভাগিদাৰী” কাৰ্যসূচী ৰূপায়ণ

যোৰহাটৰ ম’হবন্ধা পুৰণা লাইন প্ৰাথমিক বিদ্যালয়ত “জন ভাগিদাৰী” কাৰ্যসূচী ৰূপায়ণ

 

বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ সন্দৰ্ভত অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি “জন ভাগিদাৰী”‘ শিৰোনামেৰে এক কাৰ্যসূচী ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত প্ৰতিখন জিলাক তিনিটা দিনত পালন কৰিবলৈ নিৰ্দেশ প্রদান কৰে। এই নিৰ্দেশনা অনুসৰি যোৰহাট জিলাটো এই কাৰ্যসূচী ৰূপায়ন কৰি আছে৷ জিলাখনৰ যোৰহাট শিক্ষা খণ্ড,ম’হবন্ধা মণ্ডলৰ অন্তৰ্গত ম’হবন্ধা পুৰণা লাইন প্ৰাথমিক বিদ্যালয়ে ১৫জুনত বিদ্যালয়ত ‘জন ভাগিদাৰী” কাৰ্যসূচী ৰূপায়ণ কৰে। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রী, অভিভাৱকসকলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত ‘জন ভাগিদাৰী’ শীৰ্ষক কাৰ্যসূচী পুৱা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হয়। বৃক্ষ ৰোপণ কৰে প্ৰধান শিক্ষক অজিত ৰহিদাসে। “জন ভাগিদাৰী” বিশেষ শোভাযাত্ৰাৰ অন্তত পূৰণ তাঁতীয়ে সভাপতিত্ব কৰা সজাগতা সভা আৰু “জন ভাগিদাৰী” কাৰ্যসূচীৰ সফল ৰূপায়নত বিশেষভাবে সহযোগিতা আগবঢ়ায় নৱনিতা কৰ্মকাৰ,ৰীণা তাঁতী,মনিশা ৰবিদাস আৰু প্ৰেম খাৰিয়াই। কাৰ্য্যসূচীৰ শেষত জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণী পৰে।
ম’হবন্ধা(যোৰহাট)ৰ পৰা পংকজ কুমাৰ দাসৰ প্ৰতিবেদন।

Shahnawaz Hamza

Related