যোৰহাটৰ ককিলামুখৰ ৰূপক দত্ত নামৰ যুৱক এজনৰ পৰা যোৰহাট আৰক্ষীয়ে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ ।

যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫৫ ৰাউণ্ড গুলি সহ এটা ৯ এম এম পিষ্টল আৰু এটা. ২২ ৰিভ’লভাৰ ।

ৰূপকে মাৰাণস্ত্ৰ আৰু গুলি সমূহ যোৰহাটৰ পূবেৰুণ পথৰ এটা ভাড়াঘৰত থৈ দিছিল।

উল্লেখ্য যে,এক বিশেষ সূত্ৰৰ পম খেদি যোৰহাট আৰক্ষীয়ে মৰাণস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয় ৰূপকক।