34.6 C
Assam
Sunday, May 28, 2023

Featured News

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

টাইমছ ফেশ্বন সপ্তাহত কেট-ৱক গুৱাহাটীৰ বিপাশাৰ

-অসম তথা উত্তৰ পূবৰ পৰা শ্ব’ ষ্টপাৰলৈ-টাইমছ...

নগাঁৱৰ বটদ্ৰৱা ঘটনাত নিজে আক্ৰমণৰ বলি হৈয়ো কনিষ্টবলৰ জীৱন বচাইছিল সাংবাদিক পদুম কলিতাই

Assamese Newsনগাঁৱৰ বটদ্ৰৱা ঘটনাত নিজে আক্ৰমণৰ বলি হৈয়ো কনিষ্টবলৰ জীৱন বচাইছিল সাংবাদিক পদুম কলিতাই

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ ন ন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি এতিয়া একাংশ দল সংগঠনে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে । সম্প্ৰতি পোহৰলৈ অহা তথ্য অনুসৰি উক্ত দিনা বটদ্ৰৱা আৰক্ষী থানা একাংশ সমাজ বিৰোধী তথা দুস্কৃতিকাৰীৰ আক্ৰমণৰ সময়ত শাৰীৰিকভাৱে নিৰ্যাতিত হ’ল বটদ্ৰৱাৰ স্থানীয় সাংবাদিক পদুম কলিতা । সম্পূৰ্ণ পৰিকল্পিতভাৱে আৰক্ষী থানা আক্ৰমণৰ লগত জড়িত লোকসকলে আৰক্ষী থানা খনত অগ্নিসংযোগ কৰাৰ সমান্তৰালভাৱে কৰ্তব্যৰত আৰক্ষী জোৱানসকলক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ।

উক্ত সময়খিনিত ঘটনাস্থলীত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত থকা পদুম কলিতাই নিজৰ ম’বাইল ফোনৰ জৰিয়তে সমগ্ৰ ঘটনাৱলী কেমেৰাৰে বন্দী কৰে । কিন্তু কৰ্মৰত আৰক্ষী জোৱানসকলৰ ওপৰত চলা নিৰ্মম প্ৰহাৰ দেখি সাংবাদিক পদুম কলিতাই কেমেৰাৰে দৃশ্যাৱলী বন্দী কৰাটো বন্ধ কৰি আক্ৰমণকাৰী সকলে উপৰ্যুপৰি প্ৰহাৰ কৰি থকা এজন আৰক্ষী জোৱানক ৰক্ষা কৰিবলৈ চেষ্টা কৰি সফল হয় । সাংবাদিকগৰাকীয়ে কিয় আৰক্ষী জোৱানক ৰক্ষা কৰিলে বুলি অভিযোগ তুলি আন একাংশ দুস্কৃতিকাৰীয়ে পদুম কলিতাক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু শাৰিৰীক ভাৱে অপদস্থ কৰে । অৱশ্যে আক্ৰমণকাৰীসকলৰ ভিতৰত থকা দুই/এজন ব্যক্তিয়ে পদুম কলিতাক সাংবাদিক বুলি চিনাক্ত কৰি আক্ৰমণকাৰী সকলক সকিয়াই দিয়াত সাংবাদিকগৰাকীৰ সৌভাগ্য ক্ৰমে জীৱন ৰক্ষা পৰে। আৰক্ষী থানা খন আক্ৰমণকাৰীসকল ইমানেই প্ৰতিশোধ পৰায়ণ আছিল যে তেওঁলোকৰ হৃদয়ত কোনো দয়া-মমতা নাছিল। সম্মুখত থকা প্ৰতিগৰাকী ব্যক্তিকে শত্ৰু বুলি গণ্য কৰিছিল বুলি নিৰ্যাতিত সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰিছে । তাৎপৰ্যপূৰ্ণ কথা যে সাংবাদিক পদুম কলিতা যদিও শাৰীৰিকভাৱে অপদস্থ হৈয়ো কিন্তু পুনৰ নিজৰ ম’বাইল উলিয়াই অগ্নিগৰ্ভা পৰিস্থিতিৰ দৃশ্যাৱলী বন্দী কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ পাহৰা নাছিল। নিজৰ জীৱনকো তুচ্ছ কৰি সাংবাদিক পদুম কলিতাই আৰক্ষী জোৱানৰ প্ৰাণ ৰক্ষা কৰাৰ পাছতো অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে বটদ্ৰৱাত উপস্থিত হৈয়ো এবাৰো এষাৰ মাত নিদিলে বা এটা ধন্যবাদ দিয়াৰ সৌজন্যতাবোধ প্ৰকাশ নকৰিলে বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা আৰম্ভ হৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!