জুৰীয়াৰ চৰাঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস, কেইবাটাওঁ বাসগৃহ ভাঙি লণ্ডভণ্ড

জুৰীয়াৰ চৰাঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস, কেইবাটাওঁ বাসগৃহ ভাঙি লণ্ডভণ্ড

লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত ওলাই অহা পাঁচ টা হাতীয়ে অভয়াৰণ্যৰ দাতিকাষৰীয়া চৰাঞ্চলত দিনে নিশা সমানেই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।কেইবাটাও বাসগৃহ ইতিমধ্যে ভাঙি লণ্ডভণ্ড কৰিছে।বন বিভাগক স্হানীয় ৰাইজে খৱৰ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ।বৰ্তমান হাতী কেইটাই সন্ৰাসৰ সৃষ্টি কৰাত গাওঁবাসী ভয়ত কম্পমান হৈ পৰিছে। আবেদৰ আৰু লাঙীয়া চৰত কেইবাটাও ও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে । কিন্তু বৰ্তমানেও কাণসাৰ নাই বনবিভাগৰ। বন্যহস্তীৰ সন্ত্ৰাসত দিনে নিশাই ভীতিগ্ৰস্ত হৈ থাকিব লগীয়া হৈছে আবেদৰ চৰ ,লাঙীয়া চৰ আৰু মুছলেম চৰ বাসীয়ে।

GTM Desk

Related