প্ৰকাশ পালে টেট পৰীক্ষাৰ বিজ্ঞাপন, কি পঢ়িব লাগিব পৰীক্ষাৰ বাবে?

1 min read

শিক্ষক হ’ব বিচৰা সকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছে টেট পৰীক্ষাৰ বিজ্ঞাপন। পৰীক্ষাৰ বাবে আবেদন কৰোতে ইচ্ছুক প্ৰাৰ্থীয়ে  ৭টা জ’নৰ ভিচৰত চিলেক্ট কৰিব লাগিব।

কোন সকলে পাৰিব আবেদন কৰিবঃ

নিম্ন প্ৰাথমিকৰ বাবেঃ প্ৰাৰ্থীজন নূন্যতম ৫০ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব। বি এড অথবা ডিলএড কৰা হব লাগিব।

উচ্চ প্ৰাথমিকৰ বাবেঃ প্ৰাৰ্থীজন স্নাতক হোৱাৰ লগতে দুবছৰীয়া বিএড ডিগ্ৰী অথবা ডিএলএড কৰা হ’ব লাগিব।

পৰীক্ষাৰ পাঠ্যক্ৰমঃ

Paper I- বস্তুনিষ্ঠ প্ৰশ্ন- Child Development and Pedalogy, Language(Assamese, Bengali, Hindi, Bodo, Manipuri, Garo, Karbi, Hmar), Language II- (English), Mathematics, Environmental Studies.

প্ৰতিটো শিতানত ৩০ নম্বৰকৈ সৰ্বমুঠ ১৩০ নম্বৰৰ পৰীক্ষা।

যিসকলে উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হ’ব তেওঁলোকৰ বাবে Paper II-

For Mathematics and Science Teacher: Mathematics and Science- 60 Marks

For Social Studies Teacher- Social Studies-60 Marks.

আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন মাধ্যমেৰে হ’ব।

আবেদন প্ৰক্ৰিয়া আৰম্ভ- ১৫-০৯-২০২১

আবেদনৰ অন্তিম তাৰিখ- ২৫-০৯-২০২১

ই-এডমিট কাৰ্ড ইছ্যু- ১০-১০-২০২১

পৰীক্ষাৰ তাৰিখ- ২৪-১০-২০২১

You May Also Like

More From Author