বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল। দৰা ব্যৱসায়ী, ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌতম কিচলু। বিয়াত গোলাপী ৰঙৰ পোছাকেৰে সকলোৰে দৃষ্টি কাঢ়িছিল কাজল–গৌতমে। Pic: Instagram
তামিল আৰু হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী কাজলৰ বিয়াৰ কথা কেইবামাহ ধৰি শুনা গৈছিল। অৱশেষত প্ৰায় এমাহ পূৰ্বে এই খবৰ জনাইছিল অভিনেত্ৰীগৰাকীয়ে। Pic: Instagram
শুকুৰবাৰে অৰ্থাৎ ৩০ অক্টোবৰত মুম্বাইৰ তাজ মহল পেলেচ হোটেলত হৈ যায় কাজল–গৌতমৰ বিয়া। Pic: Instagram
বিয়াত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ আছিল। কোৰোণা পৰিস্থিতিৰ বাবে কেৱল আত্মীয় আৰু ঘনিষ্ঠ বন্ধুবৰ্গক লৈ আয়োজন কৰা হয় বিয়াৰ। Pic: Instagram
বিখ্যাত ডিজাইনাৰ অনামিকা খান্নাই ডিজাইন কৰা অপূৰ্ব সুন্দৰ গোলপীয়া লেহেংগাৰে সজোৱা হৈছিল অভিনেত্ৰীগৰাকীক। Pic: Instagram
বিয়াৰ আগলৈ ভাবি স্বামীৰ সৈতে ক’তো দেখা যোৱা নাছিল কাজলক। কোনো ফটোও শ্বেয়াৰ কৰা নাছিল। ব্যক্তিগত জীৱনক গোপনে ৰাখিবলৈ ভাল পায় কাজলে। বিয়াৰ অনুষ্ঠানতো সেয়াই দেখা গৈছিল। Pic: Instagram
বিয়াৰ মাত্ৰ চাৰিদিন পূৰ্বে বিজয়া দশমী উপলক্ষে সকলোৰে সৈতে পৰিচয় কৰাই দিছিল ভাবি স্বামীক। Pic: Instagram
কাজলৰ বিয়াৰ ফটোগ্ৰাফী কৰিছে বিখ্যাত ফটোগ্ৰাফাৰ জোছেফ ৰাধিকে। বিৰাট–অনুষ্কাৰ পৰা দীপিকালৈ, সকলোৰে বিয়াত ফটোগ্ৰাফী কৰিছে দিল্লীৰ ফটোগ্ৰাফাৰজনে। Pic: Instagram
News Source: News18 Assam