অভিনেত্ৰী কাজল আগৰৱালাৰ বিয়া, চাওক বিয়াৰ Exclusive ফটো

অভিনেত্ৰী কাজল আগৰৱালাৰ বিয়া, চাওক বিয়াৰ Exclusive ফটো

তামিল, তেলেগু আৰু হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালাৰ বিয়াৰ খবৰ বিগত কেইবামাহ ধৰি শুনা গৈছিল। অৱশেষত অভিনেত্ৰীগৰাকীয়ে নিজেই ছচিয়েল মিডিয়াত জনালে বিয়াৰ খবৰ।

আজি শুকুৰবাৰ, ৩০ অক্টোবৰ, মুম্বাইত কাজলৰ বিয়াৰ আয়োজন। ইতিমধ্যে বিয়াৰ শুভ অনুষ্ঠান আৰম্ভ হৈছে। দৰা হ’ল ব্যৱসায়ী আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ গৌতম কিচলু।

জানিব পৰা মতে, বিয়াত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কেৱল নিকটাত্মীয় আৰু ঘনিষ্ঠ বন্ধু–বান্ধৱীক লৈ বিয়াত বহিব কাজল–গৌতম।

বিয়াৰ মাত্ৰ চাৰিদিন আগত বিজয়া দশমীৰ দিনা সকলোৰে সৈতে পৰিচয় কৰাই দিছিল ভাবি স্বামীক। একেলগে সকলোকে বিজয়া দশমীৰ শুভেচ্ছা জনাইছিল অভিনেত্ৰীগৰাকীয়ে।

GTM Desk