40 বছৰীয়া পুৰুষৰ কামনাৰ বলি এটি তিনি বছৰীয়া কণমানি

40 বছৰীয়া পুৰুষৰ কামনাৰ বলি এটি তিনি বছৰীয়া কণমানি
বৰপেটা জিলাৰ কলগাছিয়াত এটি তিনি বছৰীয়া নিষ্পাপ শিশুক ধৰ্ষণ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শাঁওপুৰ গাঁৱত সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত ঘটনা (child rape at Kalgachia) ৷ ৪০ বছৰীয়া তথা চাৰিটাকৈ সন্তানৰ পিতৃ আমজাদ আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ অভিযোগ অনুসৰি, বিগত এসপ্তাহ পূৰ্বে আমজাদে শিশুটিৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ শিশুটিক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত শিশুটিৰ পিতৃ ঘৰলৈ ওভতি অহাৰ পিছত শিশুটিয়ে ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও বিগত বহু দিনৰ পৰাই পলাতক অৱস্থাত আছিল আমজাদ(minor girl rape case at Kalgachia) ৷ কিন্তু বৃহস্পতিবাৰে সন্ধিয়া আমজাদক শিশু গৰাকীৰ পিতৃ বজাৰৰ চাহৰ দোকানত প্ৰত্যক্ষ কৰি উক্ত ঘটনা সন্দৰ্ভত সোধ-পোছ কৰাত ঘটনাটো সত্য বুলি সাংবাদিকৰ আগত স্বীকাৰ কৰে । ইয়াৰ পিছতে নিশা ঘটনাস্থলীত বালিকুৰী আৰক্ষী উপস্থিত হৈ আমজাদক আটক কৰি থানালৈ লৈ যায় । ইফালে স্থানীয় ৰাইজে ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ জৰিয়তে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ বিহিবলৈ দাবী উত্থাপন কৰে ৷

GTM Desk

Related