ডিএমকেৰ বিৰুদ্ধে প্রতিশ্রুতি নকল কৰাৰ অভিযোগ কমল হাছানৰ

ডিএমকেৰ বিৰুদ্ধে প্রতিশ্রুতি নকল কৰাৰ অভিযোগ কমল হাছানৰ

আগন্তুক তামিলনাডু বিধানসভা নির্বাচনৰ পূর্বে ডি এম কে দলৰ বিৰুদ্ধে কঠোৰ অভিযোগ আনিছে অভিনেতা তথা ৰাজনীতিক কমল হাছান নেতৃত্বাধীন মাক্কাল নিধি মায়াম (এম এন এম)এ৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে দলটোৰ মুৰব্বী হাছানে উল্লেখ কৰিছে যে ডি এম কে দলে এম এন এমৰ বহু নির্বাচনী প্রতিশ্রুতি নকল কৰিছে৷ বিশেষকৈ নিয়োগ সৃষ্টি আৰু গৃহকর্মীসকলক এমাহৰ বেতন আগবঢ়োৱাৰ যি প্রতিশ্রুতি হাছানৰ দলে পূর্বে ৰাখিছিল, সেই প্রতিশ্রুতি ডি এম কে দলেও প্রদান কৰা বুলি অভিযোগ অনা হৈছে৷

কালি ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনে প্রতিশ্রুতি প্রদান কৰিছিল যে যদি দলটো ক্ষমতালৈ আহে, তেন্তে প্রতিমাহে ৰাজ্যখনৰ গৃহিণীসকলক এহাজাৰকৈ টকা প্রদান কৰিব৷ এয়া হৈছে এম এন এমৰ মূল সাতটা প্রতিশ্রুতিৰ এটা৷ আজি হাছানে ডি এম কেৰ এনে কার্যত আশ্চর্য প্রকাশ কৰি কৈছে যে যদি দলটোৱে এনেদৰে ইস্তাহাৰৰ প্রতিশ্রুতি নকল কৰিব পাৰে, তেন্তে এম এন এমৰ সততাকো ৰক্ষা কৰাৰ প্রতিশ্রুতি দিয়া উচিত৷
Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related