25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

কমতাপুৰৰ প্ৰস্তাৱিত নক্সা সম্পৰ্কত কি প্ৰতিক্ৰিয়া গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ বিধায়ক ছোৱাহান আলি সৰকাৰৰ

Assamese Newsকমতাপুৰৰ প্ৰস্তাৱিত নক্সা সম্পৰ্কত কি প্ৰতিক্ৰিয়া গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ বিধায়ক ছোৱাহান আলি সৰকাৰৰ

কমতাপুৰৰ প্ৰস্তাৱিত নক্সা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ছোৱাহান আলি সৰকাৰে। বিহাৰ, পশ্চিম বংগ আৰু অসমৰ কিছু অঞ্চল লৈ এখন মেপ ওলাইছে বুলি কয় বিধায়কগৰাকীয়ে। মেপখনত ধুবুৰী, দক্ষিণ শালমাৰা আৰু মানকাছাৰৰ জিলাৰ কিছু অংশ দেখুওৱা হৈছে বুলিও কয় বিধায়ক আব্দুছ ছোৱাহান আলি সৰকাৰে।

অসমৰ এই তিনিখন জিলাৰ জনসাধাৰণে কমতাপুৰত অন্তৰ্ভুক্ত হোৱা কথাটো কেতিয়াও নামানে বুলিও কয় কংগ্ৰেছৰ যুৱ বিধায়কগৰাকীয়ে। সেই অঞ্চলৰ ৰাইজে কমতাপুৰ নিবিচাৰে, তাৰ বিপৰীতে বৰ অসম বিচাৰে বুলি কয় ছোৱাহান আলি সৰকাৰে।‌‌

সৰকাৰে কয়- ‘আমি অসমৰ পৰা ওলাই নাযাওঁ, ধুবুৰী জিলাৰ গোলকগঞ্জৰ লোক হিচাপে আমি কমতাপুৰ নিবিচাৰোঁ।” সংবিধানৰ আধাৰত কোচ ৰাজবংশীসকলক আৰু অধিক সা-সুবিধা দিয়ক, আমি ভাল পাম বুলিও কয় বিধায়ক আব্দুছ ছোৱাহান আলি সৰকাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!