গুৱাহাটী: সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ হ’ব প্ৰশাসন

0 min read

কামৰূপ(ম)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদমেল যোগে জনালে গুৱাহাটীত ক’ৰ’না নিয়ন্ত্ৰণৰ বাবে কঠোৰভাৱে বলবৎ কৰা হ’ব ক’ভিড প্ৰ’টকল ৷ তাৰ বাবে গুৱাহাটীত এডিচিৰ নেতৃত্বত টাস্ক ফ’ৰ্ছ গঠন কৰা হ’ব। ৫বজাৰ পিছত কোনো সান্ধ্যভ্ৰমণৰ নামত বাহিৰলৈ ওলালে লোৱা হ’ব উপযুক্ত ব্যৱস্থা ৷

উক্ত সংবাদমেলতে উপায়ুক্ত পেগুৱে কয় যে, মাস্ক নিপিন্ধা লোকে জৰিমনা ভৰিব লাগিব, লগতে বজাৰ, প্রাতঃ ভ্রমণ, সান্ধ্য ভ্রমণৰ নামত ভিৰ কৰিব নোৱাৰিব কোনো স্থানত। পেগুৱে সকীয়াই দিয়ে যে সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ’লে বেয়া নাপাব ৷

উল্লেখ্য যে উজান বজাৰ স্থিত উপায়ুক্তৰ বাসভৱনৰ সন্মুখেৰে ৰাজভৱনলৈকে পথটোত বহু লোক সান্ধ্যভ্ৰমণৰ বাবে ৫বজাৰ পিছত সান্ধ্য আইন উলংঘা কৰি ওলাই আহে আৰু ভিৰ কৰে বেলীভিউ পইণ্টত ৷

You May Also Like

More From Author