27.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

গ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

Assamese Newsগ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

কথাতে কয় নহয় বোলে, একালৰ বৃন্দাবন একালত পৰে চন । ঠিক এনে দশাই হৈছে এতিয়া একালৰ মহাপ্ৰতাপী ৰাজনৈতিক নেতা, বি টি চিৰ প্ৰাক্তন মুৰব্বী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ । যিকোনো মুহূৰ্ততে “নিয়া”ই ধৰি বান্ধি গ্ৰেপ্তাৰ কৰি নিয়াৰ আশংকাত সম্প্ৰতি পেটতে হাত ভৰি লুকুৱাৰ অৱস্থা হৈছে বাহুবলী নেতা গৰাকীৰ ।

ইতিমধ্যে আত্মসমৰ্পন কৰা এন এল এফ বি নামৰ বড়োভূমিৰ উগ্ৰপন্থী সংগঠনটোৰ নেতা এম বাথাই “নিয়া”ৰ ওচৰত দিয়া এক স্বীকাৰোক্তিৰ ভিত্তিতেই হাগ্ৰামা মহিলাৰীৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । মন কৰিবলগীয়া যে, এন ডি এফ বিৰ সৈতে দিল্লীয়ে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত বড়োভূমিত ভূমিষ্ঠ হৈছিল এন এল এফ বি নামৰ নতুন উগ্ৰপন্থী সংগঠনটো । নেতৃত্বত আছিল এম বাথা ।

hagrama mahilari may be arrest

সেই সময়তে ঘুনুক ঘানাককৈ চৰ্চা চলিছিল যে এন এল এল বিৰ জন্মৰ আঁৰত আছে হাগ্ৰামা মহিলাৰী । পৰৱৰ্তী সময়ত সদলবলে বাথাই আত্মসমৰ্পন কৰে । আত্মসমৰ্পনৰ পিছত “নিয়া”ই একাধিকবাৰ বাথাক জেৰা কৰিছে ৷ এই জেৰাত বাথাই এক বিস্ফোৰক স্বীকাৰোক্তি দিছে যে, তেওঁ ডেজিগনেটেড কেম্পত থকাৰ সময়ত হাগ্ৰামা মহিলাৰীৰ আত্মীয়ই তেওঁক পলুৱাই নিছিল ।

hagrama mahilari may be arrest

ফলত এতিয়া হাগ্ৰামা মহিলাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই প্ৰকট হৈছে । চতুৰ হাগ্ৰামাই এনেধৰণৰ বিপদৰ গোন্ধ পায়েই বাৰম্বাৰ বিজেপিয়ে আঁতৰাই পঠিওৱাৰ পিছতো উপযাচি বিজেপিৰ কাষ চাপিবলৈ চেষ্টা চলাই আছে । আনকি সদ্য-সমাপ্ত উপ-নিৰ্বাচনতো বিজেপিয়ে নিবিচৰা স্বত্বেও হাগ্ৰামা মহিলাৰীয়ে ভবানীপুৰত বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!