ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে টাইপাৰ ধাৰাবাহিক আন্দোলন ঘোষণা
টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু আহোম জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত অহা ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদ, অসমে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ গুণকান্ত গগৈয়ে কয়, অসম চৰকাৰে বিগত দিনত আহোম জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক জনজাতীকৰণৰ নামত প্ৰতাৰণা, প্ৰৱঞ্চনা কৰি আহিছে ৷ চৰকাৰ প্ৰতিশ্ৰুতিত ভুল নাযায় টাই আহোম যুৱ পৰিষদ ৷
গতিকে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা সমগ্ৰ অসমতে ধাৰাবাহিক আন্দোলন আৰম্ভ কৰিব টাইপাই ৷ অতি শীঘ্ৰে আহোম জনোগোষ্ঠীক জনজাতীকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰিলে উজনি অসম অচল কৰাৰ লগতে তৈলক্ষেত্ৰ সমূহ বন্ধ কৰি দিয়া হুংকাৰ দিয়ে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ গুণকান্ত গগৈয়ে ৷
অসমৰ প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো কেৱল নিৰ্বাচনী আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে ।
সংবাদ মেলত মুখপাত্ৰ গৰাকীয়ে কয়, ২০২১ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ছয় জনগোষ্ঠীৰ মাজৰ পৰা কৌশলগতভাৱে মৰাণ, মটক আৰু কোচ ৰাজবংশী সকলক সুকীয়াকৈ স্বায়ত্ব শাসন প্ৰদান কৰাৰ কথা ঘোষণা কৰিলে চৰকাৰে ৷ কিন্তু বাকী তিনিটা জনগোষ্ঠী ক্ৰমে আহোম, চুতীয়া আৰু চাহ জনজাতি কি কাৰণে স্বায়ত্ব শাসন প্ৰদান কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে গুণকান্ত গগৈয়ে ৷
নিৰ্বাচনৰ প্ৰাকক্ষণত অসম চৰকাৰে আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে ১২৫ কোটি টকাৰ এক বিশেষ সাহায্য পুজি ঘোষণা কৰিছিল । কিন্তু আজি পৰ্যন্ত এই বিশেষ পুজি আৱন্টন দিয়া হোৱা নাই । আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে এই ১২৫ কোটি টকা মুকলাই দিবৰ বাবে চৰকাৰক দাবী জনাই টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে ৷
ইয়াৰোপৰি, অতি শীঘ্ৰে আহোম সকলৰ জনজাতিকৰণ, স্বায়ত্ব শাসন প্ৰদান কৰা লগতে ৰজা দিনীয়া ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন, মৈডাম সমূহ সুৰক্ষা আৰু আহোম ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশত উন্নয়নৰ ক্ষেত্ৰত বিশেষ জলপানী ঘোষণা কৰিবলৈ দাবী জনাই টাইপা কেন্দ্ৰীয় সমিতিয়ে ৷