16.1 C
Assam
Saturday, December 10, 2022

Featured News

Guwahati’s first CNG filling station to come up in Betkuchi

The Construction of Guwahati's first Compressed Natural...

কাজিৰঙা-কাৰ্বি আংলঙৰ সেউজ ভূমিত লোকেচন বিচাৰি বলীউডৰ কুইন কংগনা

Assamese Newsকাজিৰঙা-কাৰ্বি আংলঙৰ সেউজ ভূমিত লোকেচন বিচাৰি বলীউডৰ কুইন কংগনা
কাজিৰঙা আৰু কাৰ্বি আংলঙৰ সেউজ ভূমিত বলীউড কুইন কংগনা ৰানাৱট৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কংগনাই আজি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ ওপৰত আধাৰিত Emergency ছবিৰ শ্বুটিঙৰ বাবে লোকেশ্বন সন্ধান কৰে ৷ কাৰ্বি আংলঙৰ চাৰবুৰা ইংতি, মালচী, কাকচাং, দলামৰা আদি অঞ্চলৰ লগতে চাহ বাগিচা আৰু বোকাখাতৰ আমটেঙা বজাৰ, যুগল আটি আদি ঠাই পৰিদৰ্শন কৰে। উল্লেখ্য, চানডুবি ভ্ৰমণ সামৰি যোৱানিশা কাজিৰঙাত উপস্থিত বলিউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱাট। কটকটীয়া নিৰাপত্তাৰক্ষীৰ মাজত যোৱানিশা আহি অভিনেত্ৰী গৰাকী উপস্থিত হয় কাজিৰঙা কাষৰীয় কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ইংলে পথাৰ গাঁৱৰ Hongthor Resortত। আজি নিশাটো অভিনেত্ৰীগৰাকীয়ে পাৰ কৰিব কাজিৰঙাৰ কাষৰীয়া ৰিজৰ্টখনত। চাৰিবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ আৰু পাঁচবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰা মোহময়ী অভিনেত্ৰীগৰাকীৰ আগমনে কাজিৰঙাবাসীকো উৎসাহিত কৰিছে৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে, অভিনেত্ৰী কংগনা ৰানাৱটে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিবলগীয়া ছবি ‘ইমাৰ্জেন্সী’ৰ কিছু দৃশ্য গ্ৰহণৰ বাবে লোকেশ্যন বিচাৰি চানডুবিলৈ আহিছিল৷ Emergency ছবিৰ লোকেশ্বন বিচাৰি কাজিৰঙাত ৫ দিন থাকিব বুলিও জানিব পৰা গৈছে ৷ ইয়াৰ মাজতে বলিউডৰ কুইনগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: