কলিয়াবৰৰ জগদম্বা চাহ বাগিচাত কৰম পূজা উদযাপন

1 min read
কলিয়াবৰৰ জগদম্বা চাহ বাগিচাত কুঠৰী আঞ্চলিক চাহ জনজাতি উন্নয়ন সমিতিয়ে বুধবাৰে নিশা উদযাপন কৰে কৰম পূজা ৷ অসম চাহ মজদুৰ সংঘ আৰু জগদম্বা চাহ বাগিছা ইউনিটৰ সহযোগত নিশা উলহ-মালহৰে উদযাপন কৰা হয় কৰম পূজা ৷ উল্লেখ্য যে, চাহ জনগোষ্ঠীয় তথা আদিবাসী লোক সকলে আদিবাসী লোকসকলৰ পৰম্পৰা অনুসৰি এই কৰম পূজা পালন কৰে ৷ জনবিশ্বাস অনুসৰি কৰম পূজা তেওঁলোকৰ কৃষিকৰ্মৰ লগত জড়িত এক উৎসৱ ৷ নিয়ম অনুসৰি কৰম গছৰ তলত কুমাৰী সকলে 7 দিনকৈ উপবাসে থাকি বিভিন্ন ৰীতি-নীতিৰে এই পূজা পালন কৰে ৷ কৃষি শস্যৰ উৎপাদন ভাল হ’বলৈ এই কৰম পূজা পালন কৰা হয় ৷ চাহ জনগোষ্ঠীয় লোকসকলে জাতীয় সাজ পোছাক পৰিধান কৰি পূজা দিয়াৰ লগতে ঝুমুৰ নৃত্য পৰিৱেশন কৰি উলহ-মালহৰে কৰম পূজা উদযাপন কৰে ৷ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে এইবাৰো বছৰটোলৈ কৃষি-কৰ্ম নদন-বদন হ’বৰ বাবে চাহ জনগোষ্ঠীয় লোকসকলে বুধবাৰে নিশা উদযাপন কৰে কৰম পূজা ৷

You May Also Like

More From Author