Advertisement

কলিয়াবৰৰ জগদম্বা চাহ বাগিচাত কৰম পূজা উদযাপন

কলিয়াবৰৰ জগদম্বা চাহ বাগিচাত কৰম পূজা উদযাপন
কলিয়াবৰৰ জগদম্বা চাহ বাগিচাত কুঠৰী আঞ্চলিক চাহ জনজাতি উন্নয়ন সমিতিয়ে বুধবাৰে নিশা উদযাপন কৰে কৰম পূজা ৷ অসম চাহ মজদুৰ সংঘ আৰু জগদম্বা চাহ বাগিছা ইউনিটৰ সহযোগত নিশা উলহ-মালহৰে উদযাপন কৰা হয় কৰম পূজা ৷ উল্লেখ্য যে, চাহ জনগোষ্ঠীয় তথা আদিবাসী লোক সকলে আদিবাসী লোকসকলৰ পৰম্পৰা অনুসৰি এই কৰম পূজা পালন কৰে ৷ জনবিশ্বাস অনুসৰি কৰম পূজা তেওঁলোকৰ কৃষিকৰ্মৰ লগত জড়িত এক উৎসৱ ৷ নিয়ম অনুসৰি কৰম গছৰ তলত কুমাৰী সকলে 7 দিনকৈ উপবাসে থাকি বিভিন্ন ৰীতি-নীতিৰে এই পূজা পালন কৰে ৷ কৃষি শস্যৰ উৎপাদন ভাল হ’বলৈ এই কৰম পূজা পালন কৰা হয় ৷ চাহ জনগোষ্ঠীয় লোকসকলে জাতীয় সাজ পোছাক পৰিধান কৰি পূজা দিয়াৰ লগতে ঝুমুৰ নৃত্য পৰিৱেশন কৰি উলহ-মালহৰে কৰম পূজা উদযাপন কৰে ৷ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে এইবাৰো বছৰটোলৈ কৃষি-কৰ্ম নদন-বদন হ’বৰ বাবে চাহ জনগোষ্ঠীয় লোকসকলে বুধবাৰে নিশা উদযাপন কৰে কৰম পূজা ৷

Shahnawaz Hamza

Related