30 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

কৰিমগঞ্জত নিৰ্লজ্জ ঘটনা, দুই যুৱতীক দলবদ্ধ ধৰ্ষণ ৬ যুৱকৰ

Assamese Newsকৰিমগঞ্জত নিৰ্লজ্জ ঘটনা, দুই যুৱতীক দলবদ্ধ ধৰ্ষণ ৬ যুৱকৰ

দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে শুকুৰবাৰে নিশা কৰিমগঞ্জৰ নিলমবজাৰত সংঘটিত হয় এক জঘন্য ঘটনা। ত্ৰিপুৰাৰ পৰা শিলচৰলৈ অহা দুগৰাকী যুৱতীক ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ কৰে ছয় লম্পটৰ এটা দলে।

যুৱতী দুগৰাকীয়ে শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন মাতৃক চাবলৈ ত্ৰিপুৰাৰ পৰা গাড়ী ভাৰা কৰি আহিছিল। কিন্তু ঘৰমুৱা হোৱাৰ পথত চালকে চতুৰালিৰে যুৱতী দুগৰাকীক ভুল পথেৰে লৈ গৈ নিলাম বজাৰৰ এটা ঘৰত বন্দী কৰি পাঁচগৰাকী যুৱকৰ সৈতে উপৰ্যুপৰি ধৰ্ষণ কৰে।

শনিবাৰে সন্ধিয়া যুৱতী দুগৰাকীয়ে কোনোমতে পলায়ন কৰি স্থানীয় থানাত উপস্থিত হৈ সমগ্ৰ ঘটনা অৱগত কৰাত এই জঘন্য কাণ্ড পোহৰলৈ আহে।

এই সন্দৰ্ভত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে—“ইতিমধ্যে এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বাকীসকলৰ সন্ধানটো অভিযান আৰম্ভ কৰা হৈছে। ঘটনাটো আমি গুৰুত্ব সহকাৰে লৈছোঁ।”

এই ঘটনাক তীব্ৰভাৱে নিন্দা কৰাৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী কৰিছে কৰিমগঞ্জৰ সচেতন মহলে।

“আজি মাতৃ বন্দনাৰ দিনটোতে মাতৃৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত সকলো দোষীক ধৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে।”—এনেদৰে ক্ষোভ প্ৰকাশ কৰে এগৰাকী স্থানীয় মহিলাই।

Source: Niyomiya Barta

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!