কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি হাতী ছাফাৰি

1 min read
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ’ল হাতী ছাফাৰি ৷ উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰে পৰ্যটকৰ বাবে হাতী ছাফাৰি ৷ আজি পুৱা ৫.৩০ বজাত পৰম্পৰাগত হস্তী পূজাৰ পাছতে উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰৰ সমীপৰ মিহিমুখ হস্তী চূড়াত নাৰিকল ভাঙি, ফিটা কাটি হাতী ছাফাৰি মুকলি কৰে বন সংমণ্ডল প্ৰাধিকাৰী গগৈয়ে ৷ বতৰৰ প্ৰতিকূল অৱস্থাৰ বাবে এদিন পলমকৈ হাতী ছাফাৰিৰ আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰি গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে উদ্যানৰ কহঁৰা বনাঞ্চলত ১০টা বিভাগীয় হাতীৰে আৰু বাগৰি বনাঞ্চলত ২৫টা ব্যক্তিগত হাতীৰে আজি মুকলি কৰা হয় হাতী ছাফাৰি ৷ আজি হাতী ছাফাৰিৰ প্ৰথম দিনাই পুৱা ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ ৫ জন বিদেশী পৰ্যটকসহ প্ৰায় অৰ্ধ শতাধিক পৰ্যটকে হাতী ছাফাৰি কৰে ৷ উল্লেখ্য, যোৱা ২ অক্টোৱৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুকলিৰে পাছত উদ্যানৰ কহঁৰা আৰু বাগৰিত কেৱল জীপ ছাফাৰিহে পৰ্যটকৰ বাবে মুকলি আছিল ৷ ইফালে, অক্টোৱৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ২৭৩৯৩গৰাকী পৰ্যটকে ৷ উল্লেখ্য যোৱা ২ অক্টোৱৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ পাছতে উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত সোঁত বয় দেশী-বিদেশী পৰ্যটকৰ । দুটাকৈ ক’ভিদ জৰ্জৰ পৰ্যটন বৰ্ষ অতিক্ৰম কৰাৰ পাছতে চলিত বৰ্ষত দেখা গৈছে পৰ্যটকৰ উৎসাহিত আগমন ৷ উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈয়ে জনোৱা ম’তে, অক্টোৱৰ মাহৰ ২ তাৰিখৰ পৰা ৩১ তাৰিখলৈ ২৭৮ জন বিদেশী পৰ্যটককে ধৰি ২৭৩৯৩ গৰাকী পৰ্যটকে দৰ্শন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সেই অনুসৰি বিগত মাহটোত কাজিৰঙাৰ অন্তৰ্ভাগত মুঠ ৬৫৯২টা জীপ ছাফাৰি হয় বুলি প্ৰকাশ। পৰ্যটকৰ ভিৰে উৎসাহিত কৰিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগীসকলকো।

You May Also Like

More From Author