মুম্বাইৰ চিকিৎসালয়ত জীৱনৰ যুঁজ! ক্লান্ত হৈ পৰা নাই কিশোৰ।গুৰুবাণী আওৰাই দিন পাৰ কৰিছে মৰমৰ অভিনেতাজনে

মুম্বাইৰ চিকিৎসালয়ত জীৱনৰ যুঁজ! ক্লান্ত হৈ পৰা নাই কিশোৰ।গুৰুবাণী আওৰাই দিন পাৰ কৰিছে মৰমৰ অভিনেতাজনে

সময়ৰ প্ৰত্যাহ্বান, জীৱনৰ জটিলতা , তথাপিও ক্লান্ত হৈ পৰা নাই কিশোৰ ! জীৱনৰ জটিল ক্ষনৰ দৃঢ়তাৰে মুখামুখি হৈ ন উদ্যম আৰু ইচ্ছা শক্তিৰ প্ৰৱলতাৰে মুখত গুৰুবাণী উচ্চাৰণ কৰি মুম্বাইৰ চিকিৎসালয়ত সময় কটাইছে অসমৰ মৰমৰ অভিনেতা কিশোৰ দাসে।

সময়ে কেতিয়া কাৰ লগত খেলা কৰি যায় গমে নাপায়! সৌদিনালৈকে বিভিন্ন মিউজিক ভিডিও,ধাৰাবাহিকত অভিনয় কৰি থকা অভিনেতা কিশোৰ দাস বৰ্তমান দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত । মাত্ৰ ২৮ বছৰ বয়সতে জটিলৰোগত আক্ৰান্ত কিশোৰ দাসক সহায়ৰ হাত আগবাঢ়াইছে বিভিন্নজনে।

উল্লেখ্য যে,  বৰ্তমানে মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত চিকিৎসাধীন অভিনেতাজন। আপোনালোকে বাৰু জানেনে মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত কেনেদৰে দিন অতিবাহিত কৰিছে কিশোৰে? পুৱাতে গা-ধুই মুখত গুৰুবাণী উচ্চাৰিত কৰি প্ৰত্যেকটো পূৱা নতুন আশাৰে আৰম্ভণি কৰে কিশোৰে।এতিয়া সকলোৰে এটাই কামণা,এই যুদ্ধত অতি শীঘ্ৰে জয়ী হৈ কিশোৰে পুনৰ ন উদ্দমেৰে অসমৰ সাংস্কৃতিক জগতখনক উপহাৰ দিব ন ন সৃষ্টি।

GTM Desk

Related