22.9 C
Assam
Friday, October 7, 2022

Featured News

ৰাজীৱ গান্ধীৰ হত্যাকাৰী এ জি পেৰাৰিভালনক জামিন, ১৯ বছৰতে অভিযুক্ত হৈ ৩০ বছৰ ধৰি আছিল জেলত

Assamese Newsৰাজীৱ গান্ধীৰ হত্যাকাৰী এ জি পেৰাৰিভালনক জামিন, ১৯ বছৰতে অভিযুক্ত হৈ ৩০ বছৰ ধৰি আছিল জেলত

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰী এ জি পেৰাৰিভালনে জামিন লাভ কৰিছে। উচ্চতম ন্যায়ালয়ে বুধবাৰে পেৰাৰিভালনক জামিন প্ৰদান কৰে।

শীৰ্ষ আদালতখনৰ মতে, তেওঁ ৩০ বছৰ ধৰি জেলত বন্দী হৈ আছে। তেওঁৰ আচৰণ সন্তুষ্টিদায়ক। উল্লেখ্য, পেৰাৰিভালনে ২০১৫ চনত ক্ষমা বিচাৰি কৰা আবেদন মৰ্মে তামিলনাডুৰ আইএডিএমকে চৰকাৰে গোচৰটোৰ সাতজন দোষীক মুক্তি দিয়াৰ নিৰ্দেশ দিছিল। ২০১৫ চনত পেৰাৰিভালনৰ  (A G Perarivalan) দ্বাৰা আবেদন কৰা ক্ষমা প্ৰাৰ্থনাৰ অনুৰোধ ৰাজ্যপালৰ দ্বাৰা বিবেচনা কৰা হোৱা নাছিল। এনে অৱস্থাত তেওঁক জামিন দিয়া কথাটো বিবেচনা কৰি উচ্চতম ন্যায়ালয়ে (Supreme Court )এই সিদ্ধান্ত লয় তেওঁৰ স্বাস্থ্যগত দিশটোলৈ লক্ষ্য ৰাখিও।

উল্লেখ্য, ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত (Rajiv Gandhi Assassination Case) অভিযুক্ত হোৱাৰ সময়ত পেৰাৰিভালনৰ বয়স আছিল ১৯ বছৰ। তেওঁৰ বিৰুদ্ধে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰা বেল্ট বোমা ৰখাৰ বাবে ব্যৱহৃত ৮ ভল্টৰ বেটাৰী ক্ৰয় কৰাৰ অভিযোগ আছিল। ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এক নিৰ্বাচনী জনসভাৰ সময়ত এলটিটিইৰ দ্বাৰা এক আত্মঘাতী আক্ৰমণত হত্যা কৰা হৈছিল। পেৰাৰিভালনক প্ৰথম অৱস্থাত মৃত্যুদণ্ডৰ ৰায়দান কৰা হৈছিল যদিও ২০১৪ চনত তেওঁৰ আৰু আন দুজন অভিযুক্ত মুৰুগান আৰু সান্থানক মৃত্যুদণ্ডৰ ৰায় যাৱজ্জীৱন কাৰদণ্ডলৈ পৰিৱৰ্তন কৰা হয়।

এজি পেৰাৰিভালন কোন
এজি পেৰাৰিভালনৰ জন্ম ১৯৭১ চনৰ ৩০ জুলাইত তামিলনাডুৰ ভেলোৰ জিলাত হৈছিল। ১৯৯১ চনত গ্ৰেপ্তাৰ হোৱাৰ সময়ত তেওঁ ইলেকট্ৰনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিকৰ ডিপ্লোমা সম্পূৰ্ণ কৰিছিল। কাৰাগাৰত তেওঁ কম্পিউটাৰ এপ্লিকেশ্বনত স্নাতক সম্পূৰ্ণ কৰে, তাৰ পিছত এমচিএ কৰে। তেওঁ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ পৰা এই দুয়োটা পাঠ্যক্ৰম কৰিছিল। তেওঁ ৯০% তকৈ অধিক নম্বৰৰ সৈতে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত ২০১৩ চনত তেওঁ তামিলনাডু ৰাজ্যৰ আন এটা পৰীক্ষাত স্বৰ্ণ পদক বিজয়ী হৈছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: