কেজিএফ ২য়ে ২৪ ঘণ্টাত অতীতৰ সকলো ৰেকৰ্ড ভংগ কৰি সৃষ্টি কৰিলে ইতিহাস

কেজিএফ ২য়ে ২৪ ঘণ্টাত অতীতৰ সকলো ৰেকৰ্ড ভংগ কৰি সৃষ্টি কৰিলে ইতিহাস

দীঘলীয়া অপেক্ষাৰ পিছত ‘কেজিএফ চেপ্টাৰ ২’ৰ ট্ৰেইলাৰ অৱশেষত পাঁচটা ভাষাত মুকলি কৰা হৈছে। ছবিখনৰ ট্ৰেইলাৰ দেওবাৰে মুক্তি দিয়া হৈছিল। কিন্তু ট্ৰেইলাৰত চিনেমাখন যি হাৰত মানুহে চাইছে, চিনেমাখন মুক্তি পোৱাৰ পিছত ই বক্স অফিচত কি কৰিব অনুমান কৰাই টান হৈ পৰিছে।

দেওবাৰে নিশা মুক্তি পোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ‘কেজিএফ চেপ্টাৰ ২’ (KGF: Chapter 2) ৰ ট্ৰেইলাৰে অতীতৰ সকলো ৰেকৰ্ড ভাঙি পেলাইছে।

২৪ ঘণ্টাত ই সকলো ভাষাত ১০৯ মিলিয়ন দৰ্শন অতিক্ৰম কৰিছে (109 million views across five languages)। অতীতত ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত এইটো কেতিয়াও দেখা পোৱা নাছিল। আটাইতকৈ বেছি দৰ্শন হিন্দী সংস্কৰণৰ পৰা আহিছিল।

হিন্দী ট্ৰেইলাৰটো ৫১ মিলিয়নতকৈও অধিকবাৰ চোৱা হৈছে। ইয়াৰ উপৰি তেলুগু সংস্কৰণত ২০ মিলিয়ন দৰ্শন, কানাড়াত ১৮ মিলিয়ন দৰ্শন, তামিলত ১২ মিলিয়ন দৰ্শন আৰু মালায়ালমত ৮ মিলিয়ন দৰ্শন আছে।

ট্ৰেইলাৰত ইমানসংখ্যক ভিওৱাৰ পোৱাৰ অভিলেখলৈ লক্ষ্য কৰিলে ক’ব পাৰি যে ছবিখন মুক্তিৰ পিছত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত এক অবিশ্বাস্য ধুমুহাৰ সৃষ্টি কৰিব পাৰে।

GTM Desk

Related