22.5 C
Assam
Friday, May 20, 2022

Featured News

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

6 Naga Rebels Surrender

In a major achievement in the insurgency...

Nilamani Sen Deka Expelled From Assam Congress

Opposition Congress in Assam on Wednesday expelled...

ৰণবীৰ–আলিয়াৰ এই এপ্ৰিলতে বিবাহ! নীৰৱতা ভংগ কৰি ৰণবীৰে দিলে নিজৰ বিবাহক লৈ বিশেষ আপডেট

Assamese Newsৰণবীৰ–আলিয়াৰ এই এপ্ৰিলতে বিবাহ! নীৰৱতা ভংগ কৰি ৰণবীৰে দিলে নিজৰ বিবাহক লৈ বিশেষ আপডেট

বলীউডৰ তাৰকা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে কেতিয়া বিবাহ পাশত আৱদ্ধ হ’ব– এই প্ৰশ্ন সকলোৰে মনত। দুয়োৰে বিবাহক লৈ চলি থকা চৰ্চাৰ মাজতে আহিছে এটা বিশেষ খবৰ। এই খবৰ অনুসৰি অতি সোনকালে বিবাহবাশত আবদ্ধ হ’ব দুই তাৰকা।

বাতৰি অনুসৰি, দুয়োজনে এই বছৰৰ এপ্ৰিলত বিবাহ পাশত আবদ্ধ হ’বলৈ গৈ আছে। যদিও ৰণবীৰৰ  (Ranbir Kapoor)  খুড়ীয়েক ৰীমা জৈনে কৈছে যে বিবাহৰ তাৰিখ এতিয়াও চূড়ান্ত কৰা হোৱা নাই, লগতে আলিয়া ভাটৰ দেউতাক মহেশ ভাটেও কয় যে তেওঁলোকৰ বিবাহৰ বিষয়ে উৰাবাতৰি দীৰ্ঘদিন ধৰি চলি আছে, তথাপি এতিয়া ৰণবীৰে নিজেই এই কথাৰ উত্তৰ দিছে।

দৰাচলতে, ”শৰ্মাজী নামকীন”ৰ প্ৰচাৰৰ সময়ত ৰণবীৰক আলিয়াৰ (Alia Bhatt) সৈতে তেওঁৰ বিবাহৰ তাৰিখ প্ৰকাশ কৰিবলৈ কোৱা হৈছিল। তেতিয়া ৰণবীৰে সোনকালেই বিয়া হোৱাৰ ইংগিত দিছিল।

ৰণবীৰে এটা সংবাদ সংস্থাৰ আগত প্ৰকাশ কৰিছে যে আলিয়া আৰু তেওঁ সোনকালেই বিয়া পাতিবলৈ গৈ আছে।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ৰণবীৰে এপ্ৰিল, ২০২২ত বিবাহ পাশত আৱদ্ধ হ’ব পাৰে। কিন্তু এই সন্দৰ্ভত বিতং তথ্য নাই যদিও ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, মা নীতু কাপুৰক চেলিব্ৰিটি ডিজাইনাৰ মনীষ মালহোত্ৰাৰ দোকানত দেখা গৈছিল আৰু একেদৰে মনীষক তেওঁৰ ঘৰত দেখা গৈছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: