27.6 C
Assam
Wednesday, June 7, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

বিবাহ সম্পর্কে কৰা প্ৰশ্নৰ উচিত উত্তৰ দিলে কিয়াৰাই

Assamese Newsবিবাহ সম্পর্কে কৰা প্ৰশ্নৰ উচিত উত্তৰ দিলে কিয়াৰাই

কৰণ জোহৰৰ মুক্তি পাবলগীয়া ছবি ‘জুগ জুগ জিঅ’ৰ ট্ৰেইলাৰ মুম্বাইত এক বিশাল অনুষ্ঠানত মুকলি কৰা হৈছে। য’ত পৰিচালক ৰাজ মেহতা, কৰণ জোহৰ ছবিখনৰ সমগ্ৰ কলাকুশলী তথা অভিনেতা অভিনেত্ৰীসকল কিয়াৰা আদৱানী, বৰুণ ধাৱান, নীতু কাপুৰ, অনিল কাপুৰ আৰু মনীষ পল আৰু অপূৰ্ব মেহতাও উপস্থিত থাকে।

চিনেমাখনৰ গোটেই দলটোক পৰম্পৰাগত পোছাকত দেখাৰ ফলত অনুৰাগীসকলে কিয়াৰাক বিবাহৰ বিষয়ে প্ৰশ্ন শুধিবলৈ ধৰে। এগৰাকী অনুৰাগীয়ে কিয়াৰাক তেওঁৰ বিবাহৰ বিষয়ে সোধাত অভিনেত্ৰীগৰাকীয়ে দিয়া উত্তৰটোৱে সকলোৰে হৃদয় জয় কৰিছে।

অভিনেত্ৰীগৰাকীয়ে কয়, “বিবাহ নকৰাকৈ, মই ভালদৰে থিতাপি ল’ব পাৰিছোঁ, নহয় নে? মই ভালদৰে থিতাপি লৈছো, ভালদৰে কাম কৰি গৈ আছোঁ। মই উপাৰ্জন কৰি আছোঁ আৰু মই সুখী।”

কিয়াৰাৰ এই প্ৰতিক্ৰিয়াৰ পিছত কৰণ জোহৰে অনুৰাগীসকলক প্ৰশ্ন কৰে। কৰণে কয়, “আপোনালোকে মোক মোৰ বিয়াৰ বিষয়ে কিয় প্ৰশ্ন নকৰে? মোৰ বয়স এতিয়া ৫০ বছৰ হৈছে। আপোনালোকে নাভাবেনে যে মই বিয়া হোৱাৰ যোগ্য? মই ইচ্ছা কৰিলে বিয়া পাতিব পাৰো। বিবাহ কোনো প্ৰতিভা নহয়, ই এক বাধ্যবাধকতাহে।”

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!