কিড্নীৰ আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ী চিকিৎসক ৰিচার্ড আব্রাহামক গুৱাহাটীত গ্রেপ্তাৰ

0 min read

চিকিৎসাৰ দৰে পৱিত্র বৃত্তিক কলংকিত কৰি একাংশ চিকিৎসকে চলাই আহিছে কিড্নীৰ চোৰাং বেহা৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কর্মৰত ডাঃ ৰিচার্ড আব্রাহাম লৰেঞ্চ নামৰ চিকিৎসকজনে দীর্ঘদিন ধৰি কিড্নীৰ চোৰাং বেহা চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি ডাঃ ৰিচার্ডে গুৱাহাটী, ডেৰাডুন, ঝাৰখণ্ড, উত্তৰাখণ্ড, কলকাতা, দিল্লী, পুনেকে ধৰি বিভিন্ন স্থানত ৰোগীক চিকিৎসা প্রদানৰ নামত কিড্নীৰ চোৰাং বেহা চলাই আহিছিল৷ ঝাৰখণ্ড আৰু উত্তৰাখণ্ডত কিডনীৰ আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ী ডাঃ ৰিচার্ডৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ৷ ডাঃ ৰিচার্ডে বিভিন্ন প্রলোভনেৰে বহু লোকৰ কিড্নী লৈ বিভিন্ন দেশত ৩৫ লাখৰ পৰা ১ কোটি টকাত বিক্রী কৰিছিল বুলি আৰক্ষীৰ এক সূত্রই জানিবলৈ দিছে৷

উল্লেখ্য যে ডাঃ ৰিচার্ডৰ পিতৃ সন্তোষ ৰাৱাট কিডনীৰ চোৰাং ব্যৱসায়ৰ লগতে জড়িত৷ পিছলৈ ৰিচার্ডৰ পিতৃয়ে নাম সলনি কৰি অমিত কুমাৰ ৰাৱাট হিচাপে পৰিচিত হয়৷ কিডনীৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ হৈ ৰিচার্ডৰ পিতৃ বর্তমান জে’লৰ আলহী হৈ আছে৷ কিডনীৰ চোৰাং বেহাত জড়িত ডাঃ ৰিচার্ড আব্রাহাম লৰেঞ্চৰ প্রকৃত নাম অক্ষয় সন্তোষ ৰাৱাট৷ পিছলৈ নাম সলনি কৰি ডাঃ ৰিচার্ড নামেৰে পৰিচিত হয়৷ ২০১৭ চনত ডেৰাডুন আৰক্ষীয়ে আন্তঃৰাষ্ট্রীয় কিডনী চোৰাং ব্যৱসায় চক্রক গ্রেপ্তাৰ কৰিছিল৷ ডেৰাডুন আৰক্ষীয়ে আন্তঃৰাষ্ট্রীয় কিডনীৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত চার্জশ্বীটত ১৪জন লোকৰ নাম সন্নিৱিষ্ট কৰিছিল৷ এই ১৪জন লোকৰ এজন আছিল অক্ষয় সন্তোষ ৰাৱাট ওৰফে বর্তমানৰ ডাঃ ৰিচার্ড৷ বিগত চাৰি বছৰ ধৰি গুৱাহাটীত বাহৰ পাতি চিকিৎসক ডাঃ ৰিচার্ডে বেলতলাৰ এজাইল হাস্পতালত চিকিৎসা প্রদান কৰি আহিছিল৷ ডাঃ ৰিচার্ডৰ সন্ধান দিওঁতালৈ উত্তৰাখণ্ড আৰক্ষীয়ে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল৷ ডাঃ ৰিচার্ডে কেৱল কিড্নীৰ চোৰাং বেহাই নহয়, বহু মহিলাৰ সৈতে অবৈধ সম্পর্ক ৰক্ষা কৰি আহিছিল৷ শেহতীয়াকৈ গুৱাহাটীৰ এগৰাকী বিবাহিত মহিলাক ৰিচার্ডে পলুৱাই নি কলকাতাত ৰাখিছিল৷ মহিলাগৰাকীৰ স্বামীয়ে দিছপুৰ থানাত ডাঃ ৰিচার্ডৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰৰ ভিত্তিতে কালি দিছপুৰ আৰক্ষীয়ে ডাঃ ৰিচার্ডক গ্রেপ্তাৰ কৰে৷ ইফালে ৰিচার্ডৰ গ্রেপ্তাৰৰ খবৰ লাভ কৰি আজি মহিলাগৰাকী কলকাতাৰ পৰা গুৱাহাটীত উপস্থিত হয়৷ আজি ৰিচার্ডক আদালতত হাজিৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ উত্তৰাখণ্ড আৰক্ষীয়ে ডাঃ ৰিচার্ডক আইনী প্রক্রিয়াৰে নিজৰ জিম্মাত ল’ব বুলি জানিবলৈ দিছে৷

You May Also Like

More From Author