শিশুক গাখীৰ খুওৱাৰ সময়ত মাকগৰাকীয়ে ল’বলগীয়া সাৱধনতা লগতে নতুন মাতৃ সকলে জানিবলগীয়া কিছুকথা…

0 min read
  • শিশুটোৱে মাকৰ কোলাত যাতে আৰামকৈ গাখীৰ খাব পাৰে তালৈ সকলো সময়তে চকু দিব৷
  • গাখীৰ খাই থকা সময়ত শিশুটিৰ স্থান পৰিৱর্তন কৰি থাকিব৷ মাজে–সময়ে কোলাত বহুৱাই লৈ নাইবা শোৱাই লৈ খুৱাব৷ এনে নকৰিলে আপোনাৰ নিপলটো ৰঙা পৰি বিষোৱাৰ সম্ভাৱনা থাকে৷
  • গাখীৰ খোৱা হ’লে নিপোলকেইটা ধুই শুকাবলৈ দিব৷
  • ডাক্তৰৰ পৰামর্শ অবিহনে নিপোলকেইটাত কোনো ধৰণৰ ক্রীম বা ৰাসায়নিক পদার্থ নলগাব৷
  • আপোনাৰ শিশুটিয়ে গাখীৰ খাই থাকোঁতে নিপোলত ভালদৰে মুখখন সোমাইছে নে নাই লক্ষ্য কৰি থাকিব৷
  • গাখীৰ খুওৱাৰ আগতে এটুকুৰা তুলা পানীত তিয়াই নিপোল দুটা ভালদৰে মচি ল’ব৷
  • গাখীৰ লাগি ধৰিলে বা ডাঠ হ’লে গৰম পানীৰে স্তন দুটা ধুই লাহে লাহে মালিচ কৰিব৷ এনেদৰে দুই–তিনি মিনিটমান সময় মালিচ কৰাৰ পিছতহে খাবলৈ দিব৷ প্রথমতে কিছু সময় বিষাব যদিও পিছলৈ আৰাম পাব৷ এনে অৱস্থা লোৱাৰ পিছতো আৰাম নাপালে ডাক্তৰৰ পৰামর্শ ল’ব৷
  • টান ব্রা নিপিন্ধিব৷
  • দুয়োটা স্তনেই শিশুটিক সমানে খাবলৈ দিব৷
  • গাখীৰ নিজে নিজে বাহিৰ ওলাই আহিলে সোনকালে কাপোৰ সলনি কৰিব৷ নহ’লে ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷
  • স্তন সৰুৱে হওক বা ডাঙৰে হওক ইয়াৰ প্রভাৱ কেতিয়াও গাখীৰ উৎপাদনত নপৰে৷
  • মাকৰ গাখীৰ খোৱা শিশুসকল সদায় নিৰোগী হয়৷
  • নিজৰ গাখীৰ খুওৱা মাতৃগৰাকীতকৈ হৰমনৰ উৎপাদনৰ বাবে সোনকালে সন্তানসম্ভৱা হোৱাৰ আশংকা থাকে৷
  • মাকৰ গাখীৰ খাবলৈ নিদিয়া মাতৃগৰাকীৰ স্তন কর্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷
  • চিন্তা–ভাবনাক্লিষ্ট অৱস্থাত অনিচ্ছুক মনোভাবেৰে গাখীৰ খুৱাবলৈ কৰা চেষ্টা অকৃতকার্য হয়৷
  • কেতিয়াবা শিশুৱে এটা স্তনৰ গাখীৰ খাই শেষ কৰে৷ আনটো অলপ সময়হে চুহে৷ তেতিয়া দ্বিতীয় স্তনটো চেপি গাখীৰ উলিওৱা উচিত৷
  • সফল স্তনদানৰ বাবে মাতৃগৰাকীয়ে বিশ্রাম লোৱাটো প্রয়োজনীয়৷ লগতে উপযুক্ত আহাৰো খাব লাগে৷
  • কোনো কোনো ক্ষেত্রত শিশুৰ জন্মৰ পিছতে মাকৰ স্তনত গাখীৰ সৰহকৈ আহিবলৈ ধৰে, ফলত গাখীৰ নিজে নিজে ওলায়৷ এনে গাখীৰ উলিয়াই নিদিলে পিছলৈ প্রয়োজন মতে গাখীৰ তৈয়াৰ নহয়৷
  • গাখীৰ খোৱাৰ সময়ত শিশুৱে যাতে আৰামদায়ক অৱস্থাত থাকে তালৈ বিশেষ মন কৰিব৷
  • শিশুৱে মাকৰ গাখীৰ খাই থকা অৱস্থাত মাকগৰাকীৰ যথেষ্ট পিয়াহ লাগে৷ বহু লোকে ভাবে যে পানী বেছিকৈ খালে গাখীৰৰ পৰিমাণ বৃদ্ধি হয়৷ কিন্তু তেনে কোনো বিজ্ঞানসন্মত প্রমাণ নাই৷
  • কোনো এটা স্তন প্রতিবাৰ গাখীৰ খুৱাওঁতে বা পিছত চুহিবলৈ দিয়া অনুচিত৷ সোঁ স্তনটো কোনো এবাৰ প্রথমতে চুহিবলৈ দিব লাগে৷ স্তনৰ শেষৰ ভাগৰ গাখীৰ বহু ডাঠ৷ সেয়েহে এনে ক্রমত গাখীৰ খুৱালে এটাৰ পিছত আনটোৰ পৰা শেষৰ ভাগৰ গাখীৰ শিশুৱে খাবলৈ পায়৷ তদুপৰি পর্যায়ক্রমে স্তন দুটাৰ গাখীৰ নিঃশেষ হয় আৰু ইয়ে গাখীৰ উৎপাদনত সহায় কৰে৷
  • তিতা কাপোৰ–কানিত ৰাখিলে শিশুৱে কান্দে, তেনে কাপোৰ–কানি লগে লগে সলাই দিব লাগে৷
  • তিনিমহীয়া শিশুৰ পেটৰ কামোৰণিত প্রায় শতকৰা দহজন শিশুৱে ভোগে৷ এই কামোৰণি জন্মৰ পৰা তিনি মাহ বয়সলৈকে থাকে আৰু পিছলৈ নিজে নিজে শাম কাটে৷ এই পেটৰ কামোৰণি গধূলি ছয় বজাৰ পৰা আৰম্ভ হৈ দহ বজালৈকে থাকে৷ শিশুৱে উৎকটভাৱে কান্দিবলৈ ধৰে৷ এনে হ’লে শিশুটিক পেট পেলাই শোৱাই ল’লে আৰু পেটত গৰম সেক দিলে বিষ অলপ কমে৷ এনে শিশুৰ স্বাস্থ্য ভাল, আহাৰ খাবলৈ ইচ্ছুক আৰু ওজন নিয়মিত ৰূপত বৃদ্ধি পায়৷

ডাঃ ছামিউল এহছান হুছেইন

You May Also Like

More From Author