কোকৰাঝাৰ জিলাৰ মহামায়া সংৰক্ষিত বনাঞ্চল আৰু গুমা সংৰক্ষিত বনাঞ্চলৰ চাৰি নম্বৰ পাৰ্টৰ কালাবাগানত আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰকৃত মাৰাণাস্ত্ৰখিনি মূলসুঁতিলৈ অহা এনডিএফবি সংগঠনৰ আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। জিলাখনত বিপুল পৰিমাণৰ অস্ত্ৰ উদ্ধাৰৰ পিছত মঙলবাৰে বিয়লি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত হয় ।
উক্ত সংবাদমেলত বিশেষ ডিজিপি তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণইয়ে কয় যে, এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে তিনিটা গোটত বিভক্ত হৈ অভিযান চলাইছিল আৰু ইয়াৰে এটা গোটৰ নেৰ্তৃত্ব দিছিল জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে । ইয়াৰোপৰি আন দুটা গোটৰ নেৰ্তৃত্ব দিছিল উপ আৰক্ষী অধীক্ষক ক্ৰমে পুনম পেগু আৰু ভাস্কৰ ওজাই ।
সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে সদৰি কৰা মতে, অভিযান কালত আৰক্ষীয়ে দুটা ইজৰাইলত নিৰ্মিত ৰাইফল, চাৰিটা মেগজিন , বহুসংখ্যক গ্ৰেণেড, ২২টা প্ৰেছাৰ বোমা আৰু ২২ টা কেপ জব্দ কৰিবলৈ সক্ষম হৈছে । আত্মসমৰ্পনৰ পূৰ্বে এনডিএফবিয়ে অস্ত্ৰ-শস্ত্ৰখিনি পুতি থোৱাৰ সন্দেহ ব্যক্ত কৰিছে বিশেষ ডিজিপি তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণইয়ে ।
আনহাতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীৱ থুবেই জিলাখনত বন্দুক সংস্কৃতিৰ অন্ত পৰা বুলি মন্তব্য কৰি বিগত বছৰসমূহৰ আৰক্ষীৰ সফলতাৰ এক খতিয়ান দাঙি ধৰে । সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, উপ-আৰক্ষী অধীক্ষক ক্ৰমে পুনম পেগু আৰু ভাস্কৰ ওজাইও অংশগ্ৰহণ কৰে । দীৰ্ঘবিৰতিৰ মূৰত জিলাখনত আৰক্ষীয়ে পুনৰাই বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ ঘটনাই বিশেষ তাপপৰ্য বহন কৰিছে ৷