20.6 C
Assam
Tuesday, March 21, 2023

Featured News

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

পঞ্চভূতত বিলীন সকলোৰে মৰমৰ কলিজা আইতাৰ পাৰ্থিৱ শৰীৰ

Assamese Newsপঞ্চভূতত বিলীন সকলোৰে মৰমৰ কলিজা আইতাৰ পাৰ্থিৱ শৰীৰ

পঞ্চভূতত বিলীন সকলোৰে মৰমৰ কলিজা আইতাৰ পাৰ্থৱ শৰীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি শেষ নিশ্বাস ত্যাগ কৰা ১০৮ বছৰীয়া কলিজা আইতা এতিয়া এক সোণালী স্মৃতি ৰূপে জীয়াই থাকিব সকলোৰে হৃদয়ত।

বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত কলিজা আইতা খ্যাত সুভদ্ৰা দেৱীয়ে অন্তিম নিশ্বাস ত্যাগ কৰিছিল।

প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ বাসিন্দা ৰূপে থকা কলিজা আইতা (Kolija Aaita) আছিল বহুতৰে আপোন। বয়সৰ ফালৰ পৰা জ্যেষ্ঠ আইতা আছিল সহজ-সৰল অন্তৰৰ প্ৰতিমূৰ্তি। শিল্পী জুবিন গাৰ্গৰ পৰা অংগৰাগ পাপন মহন্তলৈ সকলোৱে আইতাৰ সান্নিধ্য লাভ কৰি ধন্য হৈছিল।

আইতা আছিল প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোম (Promod Talukdar Memorial Old Age Home)ৰ সকলোৰে আকৰ্ষণৰ মধ্যমণি। কিন্তু নিয়তিৰ বিধান মানি আজি সকলোকে কন্দুৱাই আইতা গুচি গ’ল। সকলো সময়তে আইতাৰ মুখৰ সেই মৰমসনা হাঁহিয়ে আমাক শিকাই থৈ গ’ল জীৱন যাপনৰ সুখৰ মন্ত্ৰণা।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!