শিৱসাগৰত ১৫০ বিঘা মাটিত কণীধানৰ খেতিৰ বাবে প্ৰস্তুতি

শিৱসাগৰত ১৫০ বিঘা মাটিত কণীধানৰ খেতিৰ বাবে প্ৰস্তুতি

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক, নাৱাৰ্ডৰ অর্থসাহায্যত বেচৰকাৰী সংস্থা সুৰু্যমুখীৰ উদ্যোগত শিৱসাগৰ জিলাত ১৫০ বিঘা মাটিত কণীধানৰ খেতি কৰিবলৈ লোৱা হৈছে। জিলাখনৰ উপায়ুক্ত আদিত্য বিক্রম যাদৱে কালি বাপুতিগড় গাঁৱত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
উপায়ুক্তগৰাকীয়ে আমাৰ খাদ্য তালিকাত কণীধান অন্তর্ভুক্ত কৰাটো পৰিপুষ্টিৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে। আনহাতে, কৃষকৰ আয় বৃদ্ধি কৰাৰ ক্ষেত্ৰত মিলেটৰ খেতি এটা যুগান্তকৰাৰী পদক্ষেপ বুলি তেওঁ সকলোকে এই কৃষিৰ সৈতে জড়িত হবলৈ আহ্বান জনায়। অনুষ্ঠানত নাৱাৰ্ডৰ জিলা উন্নয়ণ প্ৰৱন্ধক, সুৰুযমুখীৰ সঞ্চালক, মাজুলীৰ অগ্ৰণী কণীধান খেতিয়ক সুমন্ত বৰুৱাকে আদি কৰি প্ৰায় অর্ধশতাধিক কৃষক উপস্থিত থাকে।

GTM Desk

Related