অতি কম মূল্যতে কিনিব পাৰিব লেপটপ, এই বছৰতে আহি আছে জিঅ’বুক

অতি কম মূল্যতে কিনিব পাৰিব লেপটপ, এই বছৰতে আহি আছে জিঅ’বুক

নতুন নেটৱৰ্ক সেৱা জিঅ’, জিঅ’ ম’বাইল হেণ্ডছেটৰ পিছত ৰিলায়েন্স জিঅ’ই কম সময়ৰ ভিতৰতে ভাৰতীয় বজাৰত এক নতুন প্ৰডাক্ট আনিব। এয়া হৈছে জিঅ’ বুক। এক কম খৰচী লেপটপ। এই কম খৰচযুক্ত লেপটপ অতি সোনকালে বজাৰলৈ অনাৰ পৰিকল্পনা কৰি আছে জিঅ’ই।

ৰিলায়েন্স জিঅ’ৰ কম ব্যয়যুক্ত এই লেপটপক জিঅ’ বুক বুলি অভিহিত কৰিছে। লেপটপটো মুখ্যতঃ এণ্ড্ৰইড সেৱাৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে। লেপটপত জিঅ’ অপাৰেটিং ছিষ্টেম থাকিব। জিঅ’ বুকত 4G lteৰ সুবিধাও থাকিব। পঢ়ুৱৈৰ ক্ষেত্ৰত বিশেষ লাভদায়ক হ’ব বুলি ধাৰণা কৰা হৈছে এই লেপটপ ।

জিঅ’ বুক নিৰ্মাণৰ বাবে জিঅ’ৰ সৈতে চীনা কোম্পানী ব্লুবেংক কমিউনিকেচন জড়িত হৈছে। জিঅ’ ফোনো এইটো কোম্পানীৰ দ্বাৰা বিকশিত কৰা হৈছিল। যোৱা ছেপ্টেম্বৰ মাহৰে পৰা জিঅ’ লেপটপ নিৰ্মাণৰ কামত জড়িত হোৱা বুলি জানিব পৰা গৈছে। অনুমান কৰা হৈছে যে জিঅ’ বুক ২০২১ চনতে গ্ৰাহকৰ ওচৰ পাব।

ইতিমধ্যে পৰীক্ষা কৰি থকা জিঅ’ বুকত qualcomm snapdragon 665 socৰ সুবিধা থাকিব। কম বাজেটৰ লেপটপৰ ক্ষেত্ৰত জিঅ’ বুকে গ্ৰাহকৰ সমাদৰ লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।
Source- Niyomiyabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.