১৯ দিন ধৰি ICUত লতা মংগেশকাৰ, এতিয়া কেনে আছে?

১৯ দিন ধৰি ICUত লতা মংগেশকাৰ, এতিয়া কেনে আছে?

প্ৰবাদপ্ৰতিম সংগীতশিল্পী লতা মংগেশকাৰ বিগত ৯ জানুৱাৰীৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ আছে। এতিয়া কেনে আছে কোকিলকণ্ঠী গায়িকাগৰাকী? বৃহস্পতিবাৰে লতা মংগেশকাৰৰ টুইটাৰত তেওঁৰ মুখপাত্ৰই গায়িকাগৰাকীৰ স্বাস্থ্যৰ কথা সদৰি কৰিছে। ৯২ বছৰীয়া গায়িকাগৰাকী মুম্বাইৰ ব্ৰীচকেণ্ডি হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে। কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছিল লতা মংগেশকাৰ। কিছু শ্বাস–প্ৰশ্বাসত কষ্ট পাইছিল, ফলত তেওঁক আইচিইউত ৰখা হৈছিল।

টুইটাৰত জনোৱা হৈছে, ‘লতা দিদি মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালৰ আইচিইউত আছে। তেওঁৰ চিকিৎসা চলি আছে। তেওঁক পৰীক্ষামূলকভাৱেই ইনভেছিভ ভেণ্টিলেটৰৰ বাহিৰত ৰখা হৈছে আজি পুৱা। শাৰীৰিক স্থিতিশীলতা দেখি ভেণ্টিলেটৰৰ বাহিৰত ৰখা হৈছে। ডাঃ প্ৰতীত সমদানিৰ তত্বাৱধানত এটা চিকিৎসকৰ দলৰ নজৰত আছে লতা মংগেশকাৰ। সকলোৰে প্ৰাৰ্থনা আৰু শুভেচ্ছাক ধন্যবাদ জনাইছো।’

দুদিন পূৰ্বে লতা মংগেশকাৰৰ মুখপাত্ৰই জনাইছিল, ‘গায়িকাগৰাকীৰ শাৰীৰিক অৱস্থা কিছু উন্নত হৈছে। কিন্তু এতিয়াও আইচিইউতে ৰখা হৈছে। যিহেতু সমগ্ৰ দেশৰ অনুৰাগীয়ে তেওঁৰ স্বাস্থ্যৰ সঠিক খবৰ জনাৰ বাবে উদগ্ৰীৱ হৈ আছে, সেয়ে দয়া কৰি ভুল কোনো খবৰ নিবিয়পাব।’

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam