মাতৃত্বকালীন ছুটিৰ পিছতে এইবাৰ চাকৰিজীৱী লোকে লাভ কৰিব ৩মাহৰ পিতৃত্বকালীন ছুটি

মাতৃত্বকালীন ছুটিৰ পিছতে এইবাৰ চাকৰিজীৱী লোকে লাভ কৰিব ৩মাহৰ পিতৃত্বকালীন ছুটি

সংসাৰত সন্তানৰ আগমনে বহুক্ষেত্ৰত এক সুখৰ নিজৰা বোৱাই আনে যদিও চাকৰিয়াল সকলৰ জীৱনত বহুক্ষেত্ৰত এক অজান হতাশাই দেখা দিয়ে।পূৰ্বতে মাতৃ হোৱাৰ লগে লগে নাৰীগৰাকীয়ে ৬মাহৰ মাতৃত্বকালীন চুটি লাভ কৰিছিল যদিও পিতৃৰ ক্ষেত্ৰত কোনোধৰণৰ এনে নিয়ম বলব্যত হোৱা নাছিল।

ভাৰতবৰ্ষত চৰকাৰী হওক বা বেচৰকাৰী দুইটা ক্ষেত্ৰতে মহিলা কৰ্মচাৰীক প্ৰসূতিকালীন অৱস্থাৰ পৰা মাতৃত্বৰ সুখ লাভ কৰাৰ পৰ্যন্ত ২৬সপ্তাহ অৰ্থাৎ ৬মাহৰ বাবে ছুটী প্ৰদান কৰা হয়।কিন্তু বৰ্তমান ভাৰতীয় কোম্পানী ফাইজাৰ ইণ্ডিয়াই পিতৃত্বকালীন ছুটী ৰূপায়নৰ ঘোষণা কৰি দেশৰ ইতিহাসত এক বৃহৎ সূচনাৰ সৃষ্টি কৰে।

ফাইজাৰ ইণ্ডিয়াৰ বিষয়ববীয়াসকলে ৰূপায়ন কৰা নীতি অনুসৰি মাতৃৰ উপৰিও পিতৃত্ব অর্জন কৰা ব্যক্তিগৰাকীয়ে সন্তান ওপজাৰ পৰা দুই বছৰ পৰ্যন্ত লাভ কৰিব পিতৃত্বকালীন ছুটি।কিন্ত ৬মাহৰ পৰিবৰ্তে পিতৃত্ব অৰ্জন লাভ কৰা পুৰুষে ১৪দিনৰ পৰা আৰম্ভ কৰি দুই সপ্তাহ পৰ্যন্ত লাভ কৰিব এনেধৰণৰ সুবিধা।

তদুপৰি ৩মাহৰ বাবেও পোনছাতেই কোনো ব্যক্তিয়ে পিতৃত্বকালীন ছুটীৰ বাবে আবেদন কৰিব নোৱাৰিব।ফাইজাৰ ইনফিয়াই ২০২৩চনৰ ১জানুৱাৰীৰ দিনা প্ৰণয়ন কৰা নীতি অনুসৰি জন্মদাতাৰ পৰা আৰম্ভ কৰি চাৰোগেছী আৰু নিয়ম কানুনেৰে তুলি লোৱা সন্তানৰ পিতৃয়েও লাভ কৰিব পিতৃত্বকালীন ছুটি।তদুপৰি কোম্পানীটোৱে শাৰীৰিক আৰু বিভিন্ন ধৰণৰ সমস্যাৰ বাবেও ছুটি লাভৰ সুবিধা প্ৰদান কৰে।

Shahnawaz Hamza

Related