নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি ?

নেমুৰ আছে আচৰিত ৫ টা ঔষধী গুণ জানক কি কি ?

নেমু আমি সকলোৱে কম বেছি খাও, কিন্তু আমি নাজানো যে আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে নেমুৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ।  আহক জানো নেমু বা নামুৰ ৰসৰ ৫ টা উপকাৰিতা।

১/ মূৰৰ বিষ। গৰম পানীত নেমুৰ ৰস বা চাহৰ লগত মিহলাই খালে মূৰৰ বিষৰ পৰাও উপশম পোৱা যায়।

২/ ওজন। ওজন হ্ৰাস কৰাত সহায় কৰে। গৰম পানীৰ লগত নেমু ৰস মিহলাই খালী পেটত খালে উপকাৰ পোৱা যায়।

৩/ কিডনী। নেমু পানী সেৱন কৰিলে কিডনীত পাথৰ হব পৰা যিকোনো সম্ভাৱনাৰ পৰা ৰক্ষা কৰে।

৪/ উচ্চ ৰক্তচাপ। নেমুত আছে ভিটামিন C আৰু পটেচিয়াম, যিয়েই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে,  নেমুত থকা পটেচিয়ামে হৃদপিণ্ডৰ কৰ্ম ক্ষমতা বৃদ্ধিত সহায় কৰে।

৫/ মুখৰ ঘাঁ। নেমুৰ ৰসত থাকে বেক্টেৰিয়া প্ৰতিৰোধ কৰাৰ ক্ষমতা। ডিঙি, মুখৰ ঘাঁ তথা টনচিলত হোৱা সংক্ৰমিত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা নেমুৰ ৰসত আছে।

 

 

 

 

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে।  বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

GTM Desk

Related