বিয়াৰ পূৰ্বে মাক-দেউতাকে নিজৰ ছোৱালীক শিকাব লাগে; এই কথা, জীৱনটো হ’ব সুন্দৰ…

বিয়াৰ পূৰ্বে মাক-দেউতাকে নিজৰ ছোৱালীক শিকাব লাগে; এই কথা, জীৱনটো হ’ব সুন্দৰ…

শেহতীয়াকৈ চৰ্চালৈ আহিছিল এখন বিয়া! হয়, চানচিল্ক চেম্পুক লৈ যে তুমুল বাক-বিতণ্ডা চলিছিল সেইখন বিয়াৰ কথাকে কৈছোঁ। আমি সকলোৱে জানো যে বিয়াৰ পিছত এগৰাকী ছোৱালীৰ জীৱনত বহু পৰিৱৰ্তন ঘটে। মাক-দেউতাকৰ আপোন ঘৰখন এৰি এখন সম্পূৰ্ণ নতুন ঘৰত থাকিব লগা হয়। পত্নী হোৱাৰ সমান্তৰালকৈ ছোৱালীজনীয়ে নতুন ঘৰখনত এগৰাকী বোৱাৰীৰ লগতে আন বহুতো সম্পৰ্কৰ লগত জড়িত হৈ পৰে। এনে পৰিস্থিতিত বিয়াৰ পিছত ছোৱালীজনীয়ে শহুৰৰ ঘৰ খন যদি নিজৰ কৰি ল’ব পাৰে, তেন্তে তেওঁৰ বৈবাহিক জীৱন সুখী হৈ পৰে।

ইয়াৰ বাবে প্ৰতিজন পিতৃ-মাতৃয়ে বিয়াৰ আগতে কন্যাক কিছু পৰামৰ্শ দিব লাগে । যদি আপোনাৰ ছোৱালীজনীও বিয়াৰ বাবে উপযুক্ত, তেন্তে নিশ্চয়কৈ তেওঁক কিছুমান কথা শিকাওক, যাতে তেওঁৰ বৈবাহিক জীৱন সুখী হ’ব পাৰে।

১. সন্মানঃ

ছোৱালী এজনীয়ে মাক-দেউতাকক যিদৰে নিজৰ বুলি ভাৱে, শহুৰৰ ঘৰখনকো নিজৰ বুলি ভাল পোৱা উচিত। বিয়াৰ আগতে কন্যাক শিকাওক যে তেওঁৰ শহুৰ ঘৰ আন এটা পৰিয়াল, য’ত তেওঁ সকলোকে সন্মান কৰিব লাগে। মাক-দেউতাকৰ দৰে শহুৰৰ ঘৰৰ সকলোকে সন্মান কৰিব লাগে আৰু সৰু ভাই-ভনীয়েকৰ দৰে স্বামীৰ ভায়েক-ভনীয়েককো মৰম দিব লাগে, যাতে শহুৰৰ ঘৰখনে আপোনাৰ ছোৱালীজনীকো নিজৰ কৰি ল’ব পাৰে ।

২.ঘৰৰ কাম-বনত সহায়ঃ

বিয়াৰ আগতে কন্যাক শিকাওক যে যিকোনো পৰিস্থিতিত নিজৰ পৰিয়াল আৰু ঘৰৰ দায়িত্ব বুজি লওক। হয়তো ছোৱালীজনীয়ে কেতিয়াও মাতৃগৃহত ঘৰুৱা কাম বেছি কৰা নাই কিন্তু শহুৰেকৰ ঘৰত, শাহুৱেকক সহায় কৰিবলৈ পৰামৰ্শ দিয়ক। আগতীয়াকৈ শিকাওক যে মাতৃগৃহত কৰা কামতকৈ শহুৰেকৰ ঘৰত বেছি কাম কৰিবলগীয়া হব পাৰে। গতিকে কাম কৰাৰ বাবে পূৰ্বৰ পৰায়ে নিজৰ ছোৱালীজনীক প্ৰস্তুত কৰক।

৩.পুৱা সোনকালে শুই উঠাঃ

বিয়াৰ আগতে প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ কন্যাক শিকাব লাগে যে তেওঁ শহুৰেকৰ ঘৰৰ কিছুমান নীতি-নিয়ম আৰু আচাৰ-ব্যৱহাৰ যাতে মানি চলে। ছোৱালীজনীক শহুৰেকৰ ঘৰত পুৱা সোনকালে উঠিবলৈ অভ্যস্ত হ’বলৈ কওক।

৪.সোনকালে বিচাৰ নকৰিবঃ

বিয়াৰ পিছত প্ৰায়ে ছোৱালী এজনীয়ে শহুৰৰ ঘৰ খন বুজিবলৈ সময় লাগে। শহুৰেকৰ ঘৰৰ বিষয়ে বিশেষ একো নাজানে। এনে পৰিস্থিতিত কোনো আত্মীয়ৰ প্ৰাৰম্ভিক ধাৰণা ভাল নহ’বও পাৰে। এনে পৰিস্থিতিত জীয়েকক শিকাওক যে সোনকালে কোনো মতামত গ্ৰহণ নকৰিব। ছোৱালীজনীক বুজাই দিয়ক যে তেওঁ বিয়াৰ পাছত নতুন ঘৰখনৰ মানুহবোৰক বুজিবলৈ সময় উলিয়াব লাগিব ।

GTM Desk

Related