সমাজে আপোনাক সদায় গাধ জ্ঞান কৰে ? মানুহ হওঁক এনেদৰে !

1 min read

প্ৰথমে এটি গাধৰ কাহিনী শুনি লওঁ আহক। এসময়ত এজন দুখীয়া কৃষকৰ এটি গাধ আছিল আৰু এদিনাখন সেই গাধটি এটা গভীৰ কুঁৱাত পিছলি পৰিছিল; কুঁৱাৰ গভীৰতা বেছি থকা হেতুকে অবলা প্ৰাণীটোৱে উঠি আহিবলৈ সক্ষম হোৱা নাছিল। সেয়ে সি চিৎকাৰ কৰা আৰম্ভ কৰাত গাধৰ গৃহস্থ আৰু গাওঁৰ মানুহৰ লগতে ওচৰ চুবুৰীয়া লোকসকল সেই কুঁৱাৰ ওচৰলৈ দৌৰি আহিছিল। কিন্তু কোনো লোকে গাধটিক উদ্ধাৰ কৰিবলৈ একো উপায় বুদ্ধি তৈয়াৰ কৰিব পৰা নাছিল।


কেইঘণ্টামান আলোচনা বিলোচনা কৰাৰ পিছত তেওঁলোকে এটি সিদ্ধান্তত উপনীত হৈছিল যে যিহেতু গাধটিক উলিয়াই অনাৰ কোনো উপায় নাই আৰু গাধটি বেছ বুঢ়াও হৈছে, লগতে সেই কুঁৱাও বহু বেছি বিপদজনক কিয়নো সেই কুঁৱাত ইতিমধ্যে ৫ টি শিশুৰ মৃত্যু হৈছে, সেয়ে কুঁৱাটি মাটিৰে পুতি দিয়া হওঁক। সিদ্ধান্ত অনুসৰি গাওঁৰ সকলো কৃষক ৰাইজে হাতে হাতে কোৰ আৰু বেলচা লৈ কুঁৱাৰ ভিতৰত মাটি ভৰোৱা কামত লাগি গৈছিল। মাটিৰ টুকুৰা গাধৰ পিঠিত যেতিয়া পৰিব ধৰিলে সি অসহ্য যন্ত্ৰণাত অসহায় হৈ নীৰৱে কান্দিলে আৰু সি বুজি পালে যে কি হ’বলৈ গৈ আছে।

কিছুসময় মাটি ভৰোৱাৰ পিছত লোকসকলে এক আচৰিত কথা লক্ষ্য কৰিছিল যে গাধটিয়ে এক অদ্ভুত কাণ্ড কৰিব ধৰিছে। সকলোৱে যেতিয়া গাধৰ পিঠিত মাটি পেলাই তেতিয়া গাধই মাটিখিনি পিঠিখন জোকাৰি তলত পেলাই দিয়ে আৰু তাৰ এখন এখন কৈ ঠেং ওপৰলৈ দাঙি দিয়ে । তাকে দেখি লোকসকলে দ্ৰুতগতিত মাটি ভৰাবলৈ ধৰিলে আৰু গাধটোৱেও দ্ৰুতগতিত সকলো কষ্টৰ বিনিময়ত নিজৰ সংৰক্ষণশীল কামখিনি কৰি গৈছিল।

এনেদৰে কিছু সময় মাটি ভৰোৱাৰ পিছত লোকসকলে লক্ষ্য কৰিছিল যে ইতিমধ্যে কুঁৱা ভৰিবলৈ আৰু বেছি মাটিৰ প্ৰয়োজন নাই ; আৰু গাধও নিজৰ বুদ্ধিৰে মাটিৰ ওপৰতে অৱস্থান কৰি ওপৰলৈ আহি আছে ; তাৰ কিছুখন পিছত গাধ কুঁৱাৰ পৰা জাপ মাৰি বাহিৰলৈ ওলাই আহিল।

 

You May Also Like

More From Author