নিম, তুলসী আৰু শগুণী লতাৰ ৰস পান কৰাৰ বিশেষ উপকাৰিতাসমূহ…..

নিম, তুলসী আৰু শগুণী লতাৰ ৰস পান কৰাৰ বিশেষ উপকাৰিতাসমূহ…..

আয়ুৰ্বেদ হৈছে ভাৰতত উদ্ভৱ হোৱা এক প্ৰাচীন চিকিৎসা ব্যৱস্থা। আয়ুৰ্বেদৰ মতে, বায়ু, পিত্ত, কফৰ ভাৰসাম্যহীনতাৰ ফলত শৰীৰত যিকোনো ৰোগে দেখা দিয়ে। আয়ুৰ্বেদত, প্ৰাকৃতিকভাৱে ৰোগ নিৰাময় কৰাৰ উপায়সমূহৰ বিষয়ে উল্লেখ কৰা আছে। নিম, তুলসী আৰু শগুণী লতা বহুতো আয়ুৰ্বেদিক গুণেৰে পৰিপূৰ্ণ আৰু এই তিনিবিধৰ ৰস খালে মানুহে বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে।

নিম, শগুণী লতা আৰু তুলসীৰ ৰস একেলগে খোৱাৰ উপকাৰিতাঃ

যদি কোনোবাই এই তিনিটা ৰস একেলগে খায়, তেন্তে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয় আৰু চৰ্দি, পানী লগা জ্বৰ আদিৰ দৰে ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হয়। কেৱল এয়াই নহয়, এইসমূহৰ ৰস পান কৰি শৰ্কৰাৰ স্তৰও নিয়ন্ত্রণত ৰাখিব পাৰি। লগতেম তুলসী, নিম আৰু শগুণী লতাৰ ৰস খালে জ্বৰতো সকাহ পাব পাৰি।

বহুলোকে এই তিনিবিধৰ ৰস পৃথকে খায়, কিন্তু যদি সকলোৱে জানি আচৰিত হ’ব যে, যদি এই তিনিবিধ ঔষধি উদ্ভিদৰ ৰস একেলগে খোৱা হয়, তেনেহ’লে ইয়াৰ লাভালাভ বহুগুণে বৃদ্ধি হয়। ডায়েবেটিচ থকা লোকসকলে এই তিনিবিধৰ ৰস একেলগে খাব পাৰে। নিম শগুণী লতা আৰু তুলসী এণ্টি-অক্সিডেণ্ট গুণাগুণেৰে সমৃদ্ধ, যাৰ ফলত ই যকৃত শক্তিশালী কৰে, সকলোৱে প্ৰতিদিনে পুৱা সাৰ পোৱাৰ পিছত খালী পেটত ইয়াৰ ৰস খাব পাৰে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

GTM Desk

Related