28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

প্ৰতিটো সপোনৰ আছে এক বিশেষ অৰ্থ, জানক সবিশেষ

Assamese Newsপ্ৰতিটো সপোনৰ আছে এক বিশেষ অৰ্থ, জানক সবিশেষ

সকলোৱে টোপনিত সপোন দেখে। এই সপোনবোৰ বহু প্ৰকাৰৰ হয়, যেনে; কিছুমান ভয়াৱহ, কিছুমানে সুখদায়ক আৰু আম কিছুমান ৰহস্যজনক। প্ৰতিটো সপোনৰ এক বিশেষ অৰ্থ আছে। সপোনত দেখা ঘটনাটোৰ আঁৰত নিশ্চিতভাৱে কিছুমান চিহ্ন লুকাই থাকে।

কোনোবাই সপোনত নিজকে যদি সৰি পৰি থকা দেখে, ইয়াৰ অৰ্থ হৈছে যে মানুহজনে নিজৰ সিদ্ধান্ত লোৱাত শক্তিশালী হ’ব লাগিব। লগতে, ভয়ৰ সন্মুখীন হ’বলৈ সক্ষম হ’ব লাগিব যাৰ বাবে সাহস বজাই ৰাখিব লাগিব।

কোনোবাই সপোনত দাঁত সৰি পৰা দেখিলে, মানুহজনে নিশ্চয়ই নিজৰ জীৱনৰ কিবা এটাৰ বিষয়ত চিন্তিত হৈ আছে। লগতে তেওঁ অনুভৱ কৰিব পাৰিব যে তেওঁ দুৰ্বল। এই সপোনবোৰে নিৰাপত্তাহীনতা, আত্মবিশ্বাসৰ অভাৱ আৰু চাপৰ ইংগিত দিয়ে।

যদি কোনোবাই সপোনত নিজকে অপহৃত হোৱা দেখিছে, ইয়াৰ অৰ্থ হৈছে যে তেওঁ নিজৰ জীৱনৰ কৰবাত কাৰোবৰা পৰা দমনত থকা অনুভৱ কৰিছে। কোনোবাই তেওঁৰ সৃষ্টিশীলতা আৰু প্ৰতিভাকো দমন কৰি আছে। যদি কোনোবাই সপোনত কাৰোবাক আন কোনো লোকে খেদি যোৱা দেখিছে, ইয়াৰ অৰ্থ হৈছে তেওঁৰ ভিতৰত কিবা আছে, যাৰ বিষয়ে তেওঁ নিজেও অৱগত নহয় আৰু যাৰ সন্মুখীন হ’ব লাগিব। এনে ক্ষেত্রত তেওঁ নিজৰ অন্তৰাত্মাক নিৰীক্ষণ কৰি চোৱা উচিত আৰু সকলো বিষয়তে মোকাবিলা কৰিব লগা বস্তুবোৰ বিচাৰি উলিয়াব চেষ্টা কৰা উচিত। খেদি যোৱাৰ সপোন দেখিলে এইটোও সূচায় যে তেওঁ কোনো শত্ৰুক অতিক্ৰম কৰিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!