38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

এইসমূহ গুণৰ ফলত ছোৱালীৰ ফালে ল’ৰাবোৰ আকৰ্ষিত হৈ পৰে….

Assamese Newsএইসমূহ গুণৰ ফলত ছোৱালীৰ ফালে ল'ৰাবোৰ আকৰ্ষিত হৈ পৰে....

প্ৰিয় পাঠকসকল আজি আমি আপোনালোকক ক’ব উলাইছোঁ ল’ৰাবোৰে কেনেকুৱা ছোৱালী ভাল পায় বা কেনেকুৱা ছোৱালীৰ কাৰণে ল’ৰাবোৰ পাগলৰ দৰে হৈ পৰে।

আপোনালোকে যদি ভাবে ল’ৰাবোৰে আপোনালোকক কিয় গুৰুত্ব নিদিয়ে , আপোনালোক দেখিবলৈ ভাল নহয় নেকি তেতিয়া আজি আমি আপোনালোকক এই বিষয়ে কম যে ল’ৰাবোৰে কেনেকুৱা ধৰণৰ ছোৱালী ভাল পায়। আমি আপোনালোকক হাঁহিব বা চাৱনী কেনেকুৱা হ’ব লাগে তাৰ বিষয়ে নকওঁ। কিছুমান ছোৱালীয়ে ভাবি থাকে যে আচলতে ল’ৰাবোৰে কেনেকুৱা ধৰণৰ ছোৱালী ভাল পায়।আজি আমি আপোনালোকক এনেকুৱা কিছুমান বিশেষ গুণৰ বিষয়ে কম যিবোৰ থাকিলে বা ভাল কৰিলে আপোনালোকো হৈ পৰিব ল’ৰাবোৰৰ Dream Girl.

১. চেহেৰা – প্ৰিয় পাঠকসকল ল’ৰাবোৰে ছোৱালীবোৰৰ ক্ষেত্ৰত প্ৰথম গুৰুত্ব দিয়া কথাটো হ’ল চেহেৰা। কোৱা হয় যে প্ৰেম অন্ধ। প্ৰেমে এইবোৰ একো নাচাই। কিন্তু আকৰ্ষণটো অন্ধ নহয় ই সকলো দেখে।যদি আপোনালোকৰ সন্মুখৰ ব্যক্তিজন আপোনাৰ প্ৰতি আকৰ্ষিত নহয় তেতিয়া প্ৰেম কেনেকৈ হ’ব। সেই কাৰণে আপোনালোকে চেষ্টা কৰিব লাগে সুস্থ হৈ থাকিবলে।যদি আপোনালোকে খেল খেলে, নাচে বা যিকোনো ব্যায়াম কৰে বা অন্য কিবা কৰে তেতিয়া তেনেকুৱা ছোৱালীবোৰকো ল’ৰাবোৰে বহুত পচন্দ কৰে। যদি আপোনালোক সুস্থ নহয় আৰু নিজৰ শৰীৰ কথা গুৰুত্ব নিদিয়ে তেতিয়া চিন্তা নকৰিব । ইয়াৰ বিষয়ে ও আজি আমি আপোনালোকক কম।

২.কথা কোৱাৰ ষ্টাইল- ল’ৰাবোৰে ছোৱালীবোৰৰ কথা পতাৰ বা কোৱাৰ ষ্টাইলো বহুত গুৰুত্ব দি চাই। আপোনালোকে দেখিছে চাগে কিছুমান ছোৱালীয়ে বহুত মৰম লগাকৈ কথা পাতে।সৰু ছোৱালীৰ দৰে কথা কয়। এনেকুৱা ছোৱালীবোৰকো ল’ৰাবোৰে বহুত পচন্দ কৰে। কাৰণ কোৱা হয় যে ছোৱালীবোৰক কথাতে চিনি পোৱা যায়। আপোনালোক লাগিলে যিমানে ধুনীয়া হওঁক যদি আপোনালোকে কথা ভালকৈ নাপাতে তেতিয়া কোনো ল’ৰা আপোনালোকৰ ফালে আকৰ্ষিত নহ’ব বা নহয়। কাৰণ ধুনীয়াটো অকল চকুৰ শান্তিৰ বাবে। কিন্তু কথায়েটো হৃদয়ক শান্তি দিয়ে।যদি আপোনালোকে মৰম লগাকৈ কথা ক’ব নাজানে আৰু আপোনালোক ল’ৰাবোৰৰ আকৰ্ষণৰ বিন্দু হ’ব বিচাৰে তেতিয়া আপোনালোকে নিজৰ চিনাকি এনেকুৱা এজনী বান্ধৱী বিচাৰিব লাগিব যিয়ে মৰম লগাকৈ কথা ক’ব জানে। এনেকুৱা ছোৱালী সকলোৰে লগৰ এজনী নহয় এজনী থাকেই। আপোনালোকে তেওঁলোকক চাওঁক কেনেকে কয় কি কৰে সিহঁতৰ পৰা শিকিবলৈ চেষ্টা কৰক। নহ’লেবা আপোনালোকে তেওঁলোকৰ পৰা উপদেশ বা পৰামৰ্শ ও ল’ব পাৰে।

৩. মৰম লগা- ল’ৰাবোৰে মৰম লগা ছোৱালীবোৰ বহুত পচন্দ কৰে। এতিয়া মৰম লগা হ’বলৈ আপোনালোকে ৬মাহৰ ডিপ্ল’মা ল’ব নালাগে। আপোনালোকে নিজৰ কথাবোৰত অকল সৰু ল’ৰা-ছোৱালীৰ দৰে কথা সংযোগ কৰিলেই হ’ল। অৰ্থাৎ যেনেদৰে সৰু ল’ৰা-ছোৱালীয়ে কথা পাতে তেনেদৰে। আপোনালোকে স্ফুৰ্তি আনন্দ কৰি থাকিব লাগে। কিন্তু ধ্যান ৰাখিব অকণমান , বেছি নহয়। সকলো সময়তে নহয় নহ’লে আমনিদায়ক হৈ পৰিব।

৪.চেঞ্চ অফ হিউমাৰ- যিসকল ছোৱালীৰ চেঞ্চ অফ হিউমাৰ ভাল। তেওঁলোকৰ ফালে ল’ৰাবোৰ বহুত সোনকালেই আকৰ্ষিত হয়। আপোনালোকে নিজেই ভাবক আপোনালোক যিমান ধুনীয়া হ’লেও আপোনালোকে যদি পাগলৰ দৰে ব্যৱহাৰ কৰে তেতিয়া আপোনালোকক কোনেও পচন্দ নকৰে । আপোনালোকে শুনিছে চাগে ধুনীয়া আৰু চোকা মগজু এই দুটাৰ মিলিত হ’লে বহুত ভাল লাগে শুনিবলৈ।

৫.প্ৰথম চাৱনী- আপোনালোকক কোনোবা ল’ৰাই
প্ৰথম চাৱনীতে পচন্দ কৰা। তাৰ মানে এইটো নহয় যে বহুত মেকআপ কৰিলে আপোনালোকক পচন্দ কৰিব। আপোনালোকে নিজেই জানিব লাগিব কেনেকৈ থাকিলে কি পিন্ধিলে আপোনালোকক ভাল লাগিব। এইটো কথা ইনেও সকলোৱে জানে। মেকআপ কৰা ছোৱালীবোৰতকৈ বেছি মৰম লগা আৰু সাধাৰণ ছোৱালীবোৰকহে ল’ৰাবোৰে বেছি পছন্দ কৰে।

৬.সহানুভূতিশীল- যিবোৰ ছোৱালীৰ ভিতৰত সহানুভূতি মনোভাৱ থাকে তেনেকুৱা ছোৱালীবোৰক ল’ৰাবোৰে বহুত পচন্দ কৰে। যাৰ এই সহানুভূতিশীল স্বভাৱ থাকে তেওঁলোকৰ ফালে ল’ৰাবোৰ বহুত সোনকালেই আকৰ্ষিত হৈ পৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!