এনে স্বভাবৰ ব্যক্তি কেতিয়ােও ধনী হব নোৱাৰে…
প্ৰিয় পাঠকসকল আজি আমি জানো আহঁক হিন্দী সাহিত্যৰ প্ৰসিদ্ধ কবি তুলসী দাসে কোৱা কিছু কথা। তুলসী দাসে এনে কিছু ব্যক্তিৰ বিষয়ে কৈ গৈছে যি ব্যক্তি জীৱনত ধনী হ’ব নোৱাৰে।
ৰাম চৰিত্ৰ মানসত ৰাম আৰু ৰামায়ণত বহুত কথা উল্লেখ আছে।এই কথাবোৰ এনেকুৱা যে, যি ব্যক্তিয়ে এই কথাবোৰ মানে তেওঁৰ জীৱন সুখ আৰু আনন্দৰে ভৰি পৰে।ৰাম চৰিত্ৰ মানসত এনেকুৱা কিছুমান কথা লিখা আছে যিবোৰ মনত ৰখা বহুত দৰকাৰ।
আজিকালি মানুহৰ সকলোতকৈ আৱশ্যকীয় বস্তু ধন বুলি সকলোৱে জানে। আমি ধন সম্পত্তি গোটেবলৈ গোতেই জীৱনটো কষ্ট কৰোঁ।ধন ঘটিবৰ বাবে কষ্ট আমি সকলোৱে কৰোঁ যদিও তুলসী দাসৰ অনুসৰি সকলোৰে হাতত ধন নাথাকে। তেতিয়া জানো আহঁক কেনেধৰণৰ ব্যক্তিৰ ওপৰত লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি নপৰে-
১ঃ যিসকলে মাদক পদাৰ্থৰ সেৱন কৰে। যি ব্যক্তিয়ে সকলো সময়তে নিচাত থাকে তেওঁৰ সকলো ধন এই পদাৰ্থৰ সেৱনতে শেষ হৈ যায় আৰু তেওঁৰ ওপৰত কেতিয়াও লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি নপৰে আৰু তেওঁলোক কেতিয়াও ধনী হ’ব নোৱাৰে।
২ঃ বিশ্বাস ঘাটক জীৱন সংগী। যিয়ে নিজৰ জীৱন সংগীৰ লগ বিশ্বাস ঘাটকতা কৰে তেওঁলোক কেতিয়াও ধনী হ’ব নোৱাৰে। কাৰণ তেওঁলোকে নিজৰ পত্নী বা স্বামীৰ পৰা লুকোৱাই ধন বেলেগৰ ওপৰত খৰচ কৰিছে। যিটো ভাল কথা নহয়। মৃত্যুৰ পিছত এনেকুৱা ব্যক্তিয়ে নৰকত স্থান পায়।
৩ঃ লুভীয়া মানুহ। গ্ৰন্থত লিখা আছে যে যি ব্যক্তিয়ে ধনৰ বেছি লোভ কৰে ধনৰ পিছত দৌৰি থাকে । তেওঁ কেতিয়াও ধনৰ প্ৰাপ্তি কৰিব নোৱাৰে।
৪ঃ অহংকাৰী ব্যক্তি। ভগৱান ৰামৰ ভায়েকৰ অনুসৰি যি ব্যক্তিয়ে বেছি অহংকাৰ কৰে, বেলেগক সন্মান নকৰে । তেওঁ কেতিয়াও ধন প্ৰাপ্তি কৰিব নোৱাৰে। কাৰণ তেওঁ অহংকাৰী।
৫ঃ আনৰ তলত কাম কৰা মানুহে কেতিয়াও নিজৰ সপোন সম্পূৰ্ণ কৰিব নোৱাৰে। তেওঁলোকে নিজৰ কাৰণে কেতিয়াও ধন গোটাব নোৱাৰে।অকল পইচা ইনকম কৰিব পাৰে কিন্তু গোটাব নোৱাৰে।
৬ঃ বেয়া অভ্যাস। বেয়া অভ্যাস থকা মানুহে কেতিয়াও ধনৰ প্ৰাপ্তি কৰিব নোৱাৰে।
এইয়া আছিল তুলসী দাসে কোৱা কিছু কথা।ইয়াৰ পৰা আমি জানিব পাৰিলোঁ যে কেনেধৰণৰ ব্যক্তিয়ে ধন গোটাব নোৱাৰে।