অজানিতে আপুনিও কৰি আছে নেকি এই সমূহ ভুল…

1 min read

আজি আমি আপোনালোকক ক’বলৈ লৈছোঁ তুলসী দেৱীৰ পূজা-অৰ্চনাৰ কিছুমান মহত্বপূৰ্ণ কথা।

আজি আমি আপোনালোকক জনাম যে তুলসী দেৱীক পূজা কৰা পাছত কি কৰিব নালাগে, তুলসী দেৱীক পূজা কৰোঁতে কি কি কথাত সাৱধান হ’ব লাগে। তেওঁৰ পূজা-অৰ্চনা কেনেকৈ কৰিব লাগে আৰু কেনেকৈ কৰিব নালাগে এই বিষয়ে –

১ঃ তুলসী গছজোপাক কেতিয়াও দেওবাৰ আৰু মঙ্গল বাৰে চোব নালাগে আৰু চিঙিব নালাগে। বিয়া সকাম, জন্মদিন আদিত ভোজন বনালে তাত তুলসী পাত দিব লাগে যাতে ভোজন কেতিয়াও কম নহয় ।চাব আপুনি যিমান বনাইছে সকলোৱে খাই বৈ থাকি যাব।

২ঃ দেওবাৰ আৰু মঙ্গল বাৰে তুলসী চিঙিব নালাগে। যদি সেইদিনা কেইটাত তুলসী লগা হয় । তেতিয়া তুলসী গছৰ তলত পৰি থকা শুকান তুলসী পাতবোৰ একলগ কৰি শুকোৱাই তাক ব্যৱহাৰ কৰিব লাগে।

৩ঃ সকলোৰে ঘৰত তুলসীৰ গছ থাকিব লাগে। নাই যদি ক’ৰবাৰ পৰা আনি হ’লেও নিজৰ ঘৰত ৰুব লাগে। যিখন ঘৰত তুলসীৰ গছ থাকে সেইখন ঘৰক পবিত্ৰ ঘৰ বুলি কোৱা হয়। সকলো মহিলাই তুলসীৰ গছৰ পূজা কৰিব লাগে। ৰাতিপুৱা পাচঁখিলা তুলসী পাতত সেন্দুৰ লগাই পানী ধালি ,ধুপ লগাই পূজা অৰ্চনা কৰিব লাগে। সন্ধিয়া তুলসীৰ গছৰ ওচৰত চাকি জ্বলাব লাগে।

৪ঃ একাদশী আৰু দ্বাদশী দিনা তুলসী গছৰ পাত কেতিয়াও চিঙিব নালাগে। সেইকেইটা দিনক তুলসী দেৱীৰ বিয়াৰ দিন বুলি ধৰা হয়। তুলসী গছৰ পাত এখিলা এখিলাকৈ চিঙিব লাগে। একেলগে বহুত চিঙিব নালাগে।

৫ঃ তুলসী গছ কিনি আনিলেও শুক্ৰ নহ’বা বৃহস্পতি বাৰে ৰুৱ লাগে। লগতে ৰাতিপুৱা বা সন্ধিয়া আগে আগে ৰুব লাগে দুপৰীয়া ৰুৱ নালাগে। কাৰ্তিক মাহত বা পূৰ্ণিমাত তুলসী ৰুলে বহুত ভাল।

৬ঃ তুলসী পাত সদায় গা ধুই হে চিঙিব লাগে। শিৱ আৰু গণেশক তুলসী পাত কেতিয়াও দিব নালাগে। ভগৱান বিষ্ণুৱে তুলসী বহুত ভাল পায়। সেই কাৰণে তেওঁক তুলসী পাত অৰ্পণ কৰিব পাৰি।

আমাৰ শাস্ত্ৰত এনেদৰেই নিয়ম সমূহ বৰ্ণনা কৰা হৈছে।যদি আপোনালোকে আগতে এই সমূহৰ বিষয়ে জনা নাছিল তেতিয়া যদি পৰে এতিয়াৰ পৰা এনেদৰে কৰিবলৈ চেষ্টা কৰক,ধন্যবাদ।

You May Also Like

More From Author