যোৱা পৰহি ছোৱালী জনীৰ বিয়া গ’ল; মান ধৰাৰ কাপোৰখিনি কম দামী হ’লেই বহুতৰ সম্পৰ্ক সেইদিনাই ফাট মেলে…

যোৱা পৰহি ছোৱালী জনীৰ বিয়া গ’ল; মান ধৰাৰ কাপোৰখিনি কম দামী হ’লেই বহুতৰ সম্পৰ্ক সেইদিনাই ফাট মেলে…
যোৱা পৰহি ছোৱালী জনীৰ বিয়া গ’ল।
আজি ফাৰ্নিচাৰৰ দোকানীয়ে পইচা নিব আহিছে ২ লাখ টকা। সোনাৰীৰ তাত দিব আছে ১ লাখ ৭৫ হাজাৰ টকা।আজি কালিতো মানুহক খানা বিনাত সন্তুষ্ট কৰোতে যায় ১ লাখ টকা। আজিকালি ৰভাবোৰো জাক জমক হ’ল। মাতিলেই লাগে ৪০ হাজাৰ টকা। নতুনকৈ আৰম্ভ হ’ব ধৰিছে এটি নতুন প্ৰথা-ওলোটা তেলোভাৰ। সেইটো Adjust কৰোতেও যায় ৫০ হাজাৰ টকা। মান ধৰাৰ কাপোৰখিনি কম দামী হ’লেই বহুতৰ সম্পৰ্ক সেইদিনাই ফাট মেলে।
মুঠতে ৭/৮ লাখ টকাৰ কমত এজনী ছোৱালীৰ বিয়া পতাতো অসম্ভৱ কথা।
দেউতাকৰ গোটেই জীৱনৰ সাঁচতীয়া ধন, দাদায়েক বা ভায়েকৰ ঘামবোৰ টকালৈ ৰূপান্তৰিত কৰাৰ যিটো যাত্ৰা – আমি বিয়াখন খাব যাওঁতে কোনোদিনে নাভাবো।
বিয়াৰ খানাত কিবা বিজুতি পালেই তাচ্ছিল্যৰ সুৰত চিঞৰি ফুৰো। কিছুমানক শহুৰেকৰ ঘৰত কৰি দিয়া হয় নগ্ন।
দেউতাক মাকৰ চকুৰ পানী দেখিব বুলি ছোৱালীজনী হৈ থাকে নিশ্চুপ। সমাজৰ বান্ধোনত তাই হৈ পৰে দাসী।
মোৰ নিজা ভন্টি নাই। কিন্তু ভগ্নী সদৃশ আছে বুকুত বহুত। ছোৱালী এগৰাকীৰ বিয়াৰ ঘৰৰ বদনাম দুৰ কৰাত সকলোৱে সমভাগী হওঁ আহক।
ভাল লাগিল আগলৈ শ্বেয়াৰ কৰিব।।
.
.
সংগ্রহ – Kirti Kamal Saikia’ৰ টাইমলাইনৰ পৰা !

GTM Desk

Related