25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

তামৰ পাত্ৰত পানী খোৱাৰ উপকাৰিতা:জানিলে আপুনিও আজিৰে পৰা আৰম্ভ কৰিব খোৱা

Assamese Newsতামৰ পাত্ৰত পানী খোৱাৰ উপকাৰিতা:জানিলে আপুনিও আজিৰে পৰা আৰম্ভ কৰিব খোৱা

স্বাস্থ্যৰ বাবে পানী খোৱাটো এক ভাল অভ্যাস৷স্বাস্থ্যৱান হৈ থাকিবলৈ এজন ব্যক্তিয়ে প্ৰতিদিনে অতি কমেও ৮ৰ পৰা ১০ লিটাৰ পানী খাৱ লাগে৷প্ৰাচীন কালৰে পৰাই তামৰ পাত্ৰত ৰখা পানী সেৱন কৰিলে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰি থাকিব পাৰি বুলি কৈ অহা হৈছে।আয়ুৰ্বেদত কোৱা হৈছে যে তামৰ পাত্ৰত ৰখা পানী খালে বাত,কফ আৰু পিত্তৰ পৰা মুক্ত হৈ থাকিব পাৰি।আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি,তামৰ পাত্ৰত পানী খালে স্বাস্থ্যৰ বাবে বিশেষ লাভজনক৷তামৰ পাত্ৰত যদি ৪ ঘণ্টা ধৰি ৰাখি থোৱা পানী আপুনি সেৱন কৰে তেনেহ’লে আপুনি ভুগী থকা বহু ৰোগৰ পৰা নিৰাময় লাভ কৰিব৷

তামৰ পাত্ৰত ৰখা পানী কিয় উপকাৰী?

▶স্বাস্থ্যৱান শৰীৰৰ বাবে তাম এক অত্যাৱশ্যকীয় খনিজ।যি আইৰনৰ সৈতে মিলি তেজ, ৰোগ প্ৰতিৰোধ ক্ষমতা, স্নায়ুতন্ত্ৰ আৰু হাড় স্বাস্থ্যৱান ৰখাত সহায় কৰে। আপুনি তামৰ পাত্ৰত গোটেই নিশাটো বা কমেও ৮ ঘণ্টা পানী থৈ দিয়ক আৰু পুৱা উঠি খালী পেটত এই পানী খাওঁক।

▶পানী পৰিষ্কাৰ কৰাত তাম উপকাৰী বুলি গণ্য কৰা হয়।বিজ্ঞানে কৈছে যে কপাৰ অৰ্থাৎ তামত বেক্টেৰিয়া নাশ কৰা এণ্টিবেক্টেৰিয়েল গুণ পোৱা যায়।যেতিয়া আপুনি তামৰ পাত্ৰত পানী ৰাখে, তেতিয়া তামে পানীত থকা ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰ কৰি পানী বিশুদ্ধ কৰে।তামৰ পাত্ৰত কমেও আঠ ঘণ্টাৰ বাবে ৰখা পানীত তামৰ পৰা নিৰ্গত আয়ন মিলি যায় আৰু পানী খিনি ঔষধি গুণ যুক্ত হৈ পৰে।

▶তামৰ পাত্ৰত ৰখা পানী পান কৰিলে আমাৰ হজম শক্তি বৃদ্ধি পায়।এনে পানীয়ে কিডনি আৰু লিভাৰক সুস্থ ৰখাত সহায় কৰে।তেজত হিম’গ্লবিনৰ মাত্ৰা বঢ়াবলৈ নিতৌ তামৰ পাত্ৰত ৰখা পানী খালে সুফল পোৱা যায়।

▶তামৰ পাত্ৰৰ পানীয়ে হৃদযন্ত্ৰলৈ তেজৰ চলাচল স্বাভাৱিক কৰি ৰাখে।কৰ্কট, বাত বিষ,থাইৰয়েড আদিৰ সমস্যাতো তামৰ পাত্ৰত ৰখা পানী মহৌষধ স্বৰুপ।

▶তামৰ পাত্ৰৰ পানী বেক্টেৰিয়া নাশক আৰু এণ্টি অক্সিডেণ্টযুক্ত হোৱাৰ বাবে ঘাঁ আদি শুকুওৱাত সহায় কৰে।তামে ছালত পুৰণি কোষৰ ঠাইত নতুন কোষৰ সৃষ্টিত সহায় কৰে।

▶যিসকল লোকে গেছৰ সমস্যাত ভুগি আছে তেওঁলোকে নিশা তামৰ পাত্ৰত পানী ৰাখি পুৱা পান কৰিলে কম দিনতে সুফল পাব।

▶ওজন হ্ৰাস কৰিবলৈ নিতৌ তামৰ পাত্ৰত ৰখা পানী খালে যাদুকৰী সুফল পোৱা যায়।তামে চৰ্বি কোষবোৰ ভাঙি শক্তিলৈ ৰূপান্তৰ কৰে।সেয়েহে, ৰাতিপুৱা তামৰ পাত্ৰত পানী খোৱা ওজন হ্ৰাস কৰাত উপকাৰী।

▶তামৰ পাত্ৰৰ পানীয়ে মুখত বয়সৰ চাপ পৰাত বাধা দিয়ে।তামে সূৰ্যৰ তাপ-পোহৰৰ পৰা আমাৰ ছাল খনক ৰক্ষা কৰা মেলালিনৰ যোগান ধৰে।থাইৰাড বিশপষজ্ঞই প্ৰকাশ কৰা এক বিবৃতীত তামৰ পাত্ৰত ৰখা পানীয়ে শৰীৰৰ থাইৰেক্সিন হৰ্মনৰ ভাৰসাম্য ৰক্ষা কৰে৷

▶এণ্টি অক্সিডেণ্টযুক্ত তামৰ পানীয়ে যৌৱন ধৰি ৰখাত সহায় কৰে।মানুহৰ দেহত বয়সৰ চাপ পৰাত তামৰ পাত্ৰত ৰখা পানীয়ে বাধা দিয়ে।

▶আনহাতে তামৰ পাত্ৰ পানী খালে শৰীৰৰ ইউৰিক এছিডৰ পৰিমাণ কৰাত সহায় কৰে লগতে গাঠিৰ বিষ বা ফুলাৰ পৰা আৰাম পোৱা যায়৷তামৰ পাত্ৰত থোৱা পানী খালে শৰীৰৰ তেজ সঞ্চালন বৃদ্ধি কৰে৷

▶মগজুৰ বাবে তাম অতি গুৰুত্বপূৰ্ণ।তামে মগজুত থকা নিউৰোট্ৰেন্সমিটাৰবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।ই পাৰ্কিনছন, আলঝেইমাৰৰ দৰে মগজুৰ ৰোগৰ পৰা আঁতৰাই ৰাখে, লগতে স্মৃতিশক্তিও শক্তিশালী কৰে।

(খোৱাৰ নিয়ম :দৈনিক তামৰ পাত্ৰত পানী থৈ ৰাতিপুৱা উঠি ৩ মাহ খাব।তামৰ বাচনত গৰম পানী,টেঙা,তিতা,খাৰুৱা বস্তু নাৰাখিব আৰু ৩ মাহৰ বেছি একেলগে নাখাব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!