১৫ টা বিশেষ সপোনৰ ফলাফল জানো আহক

১৫ টা বিশেষ সপোনৰ ফলাফল জানো আহক

সপোন আমি সকলোৱে দেখা পাওঁ। আৰু এই সপোন কেতিয়াবা সচাঁও হয়।
যেতিয়া আমি ৰাতিপুৱাই কিবা সপোন দেখা পাওঁ, যদি আকষ্মিক ভাৱে কিবা বস্তু আমাৰ মগজুত নাহে, বা যি কথাৰ বিষয়ে আমি নাভাবো, তেতিয়া সেই বস্তুক সপোনত দেখা পালে সেয়া সত্য হৈ যায়। যি কথা আমি দিনে নিশাই ভাবি থাকো, সেই বিষয়ে সপোনত দেখিলে তাৰ কোনো ফল পোৱা নাযায়।

আজি আমি আপোনালোকক কবলৈ ওলাইছো কিছুমান সপোনৰ ফলাফলৰ বিষয়ে।গতিকে জানো চোন আহক সপোনত এই কেইটা বস্তু দেখিলে কি ফলাফল পোৱা যায়।

১/ সপোনত যদি নিগনি দেখা হয়, ইয়াৰ অৰ্থ হৈছে, আপোনাৰ ঘৰত ধনৰ প্ৰাপ্তৰ যোগ হৈছে। অৰ্থাৎ কোনোবা ফালৰপৰা ধনৰ আগমন ঘটিব। কিবা মাধ্যমেৰে।

২/ ভগৱানক সপোনত দেখিলে, ইয়াৰ অৰ্থ হৈছে, দেৱী দেৱতাৰ আৰ্শীবাদ আপোনাৰ ওপৰত থকা। আৰু সোনকালেই আপোনাৰ জীৱন সলনি হব। যদি বাৰে বাৰে সপোনত একেজন ভগৱানকে দেখা পায়, তেতিয়া আপুনি কাষৰে মন্দিৰলৈ গৈ এঘটি জল অৰ্পণ কৰিব। এয়া শুভ সংকেত হয়।

৩/ যদি আপুনি সপোনত নিজকে সজোৱা দেখা পায়, অৰ্থাৎ কাণত সোণ ধাৰণ কৰা দেখা পায়, ইয়াৰ অৰ্থ হৈছে, অতি সোনকালেই আপোনাৰ ধন লাভ হব।

৪/ যদি সপোনত দেখে, বন্তি জ্বলোৱা, ভগৱানভগৱানক পূজা অৰ্চনা কৰা। বন্তি জ্বলোৱাৰ অৰ্থ হৈছে, ধন লাভ কৰাৰ।

৫/ যদি সপোনত আঁঙুঠি পিন্ধা দেখা পায়, নিজকে বা আনক, তেতিয়াহলে অধিক ধন অহাৰ সূচনা দিয়ে।

৬/ যদি সপোনত দেখে সৰ্প। আৰু সেই সৰ্প গাঁতলৈ গৈ আছে। তেতিয়া তাৰ অৰ্থ, আপোনাৰ ধনৰ প্ৰাপ্ত হব।

৭/ যদি আপুনি সপোনত দলংত উঠা দেখা পায়, তেন্তে ইয়াৰো অৰ্থ কোনোবাফালৰপৰা আপোনাৰ ধনৰ আগমন ঘটিব।

৮/ সপোনত যদি কোনো ছোৱালীক নৃত্য কৰি থকা দেখা পায়, তেতিয়া এয়াও ধন অহাৰ সংকেত হয়।

৯/ মৌ, মাখিৰ চাকক দেখা পোৱা মানে, জীৱন জিলিকাই দিয়ে।

১০/ সপোনত সোণ দেখিলে, সোনকালেই আপোনাৰ জীৱনলৈ সুখ আহিব।

১১/ কোনো কুমাৰক কলহ বনাই থকা দেখা পালে, পূৰ্ণ ৰূপেৰে আপুনি জীৱনত সুখী হয়। আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হয় যায়।

১২/ যদি সপোনত আপেল দেখে, তেতিয়া আপোনাৰ আয়ুস বৃদ্ধি হয়।

১৩/ ভূত পিশাচক দেখা মানে, শীঘ্ৰে ধন প্ৰাপ্ত হয়।

১৪/ পাৰ চৰাইক দেখিলে, দূৰণিত থকাজনৰপৰা সুখবৰ পোৱা যায়।

১৫/ যদি ভেড়া ছাগলীক দেখে, তেতিয়াও ধন বৃদ্ধি হব।।

GTM Desk