শীতকালত ব্যৱহাৰ কৰা হিটাৰৰ ফলত হ’ব পৰা সমস্যাসমূহ

শীতকালত ব্যৱহাৰ কৰা হিটাৰৰ ফলত হ’ব পৰা সমস্যাসমূহ

শীতৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ সৰহসংখ্যক মানুহে কোঠাত হিটাৰ ব্যৱহাৰ কৰো। কিন্তু প্ৰায়সংখ্যক মানুহে নাজানে কেনেকৈ আৰু কিমান সময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰিব লাগে। চিকিৎসকসকলে প্ৰায়ে সতৰ্কবাণী জাৰি কৰি থাকে যে, নিশা হিটাৰ চলাই কেতিয়াও শুব নালাগে। কিয়নো, নিশা কোঠাৰ ভিতৰত হিটাৰ চলাই শুলে এলাৰ্জি, ছাল শুকান হোৱা আৰু নিদ্ৰাহীনতাৰ দৰে সমস্যা হ’ব পাৰে।

শৰীৰৰ ক্ষতি কৰা গেছবোৰ হিটাৰৰ পৰাই নিৰ্গত হয়, যাৰ ফলত শ্বাসৰুদ্ধ আৰু মৃত্যু হ’ব পাৰে। হিটাৰৰ পৰা কাৰ্বন মনোক্সাইড গেছ নিৰ্গত হয়। হৃদৰোগত আক্ৰান্ত লোকসকলৰ ইয়াৰ ফলত বুকুৰ বিষ হ’ব পাৰে। ই শিশু আৰু জ্যেষ্ঠসকলৰ বাবেও অতি ক্ষতিকাৰক। হিটাৰৰ গেছৰ ফলত টোপনিত মৃত্যুৰ আশংকাও বৃদ্ধি পায়।

কাৰ্বন মনোক্সাইডে শৰীৰত তেজৰ প্ৰবাহ বন্ধ কৰিব পাৰে, যাৰ ফলত মগজুলৈ তেজৰ যোগান সঠিককৈ নোহোৱাত আকস্মিক মৃত্যু বা মস্তিষ্কৰ ৰক্তক্ষৰণৰ দৰে গুৰুতৰ সমস্যা হ’ব পাৰে। ইয়াৰ বাহিৰেও, চকুৰ সমস্যাৰ সৈতেও মোকাবিলা কৰিব লাগিব পাৰে। যদি কোনোবাই কোঠাত হিটাৰ চলাই শুব বিচাৰে, তেন্তে এবাল্টি পানী ৰাখিব পাৰে, যাতে কোঠাটোত আৰ্দ্ৰতা থাকে। শিশুসকলক হিটাৰৰ পৰা আঁতৰাই ৰাখিব। কম্বল, আচবাব, কাগজৰ দৰে বস্তু হিটাৰৰ আশে-পাশে নাৰাখিব।

GTM Desk