28.1 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

সোমবাৰে কৰা প্ৰতিকাৰসমূহ

Assamese Newsসোমবাৰে কৰা প্ৰতিকাৰসমূহ

*হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনো নহয় কোনো দেৱী দেৱতাৰ ওপৰত সমৰ্পিত কৰা হয়।সপ্তাহৰ সোমবাৰটো মহাকাল তথা ভগৱান শিৱক উৎসৰ্গা কৰা হয়।

সোমবাৰৰ দিনটোত ভগৱান শিৱক পূজিলে বহুত উপকাৰ পোৱা যায়।সেইবাবে-ভক্তসকলে সোমবাৰে উপবাস কৰে।শিৱলিংগত জল অৰ্পণ কৰি,ৰুদ্ৰভিষেক কৰে।ইয়াৰ লগতে-সোমবাৰৰ দিনটোত গ্ৰহণ কৰা ব্যৱস্থাই জীৱনৰ বিপদ সমূহ দূৰ কৰে।ভগৱান ভোলানাথে জীৱনত অপৰিসীম সুখ আৰু সমৃদ্ধি প্ৰদান কৰে।যি নহওক-ভগৱান শিৱ শীঘ্ৰে সন্তষ্ট হোৱা দেৱতা বুলি বিশ্বাস কৰা হয়।তেন্তে-ভগৱান শিৱৰ আৰ্শীবাদ প্ৰাপ্ত কৰিবলৈ-সোমবাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰক।

*সোমবাৰে কৰা প্ৰতিকাৰসমূহ-

*সোমবাৰে পুৱা সোনকালে উঠি-স্নান আদি কৰি-মন্দিৰলৈ গৈ ভগৱান শিৱক পূজা কৰিব লাগে।আৰু শিৱলিংগত জলাভিষেক কৰিব লাগে।আৰু শিৱ চালিশা বা শিৱ স্তৱক পাঠ কৰক।ইয়াৰ দ্বাৰা জীৱনৰ সকলো বিপদ-বাধা দূৰ হব।

*সোমবাৰৰ দিনা ভগৱান শিৱক কেচাঁ গাখীৰৰে অভিষেক কৰিব লাগে।কিন্তু এটা কথা মনত ৰাখিব যে-দুগ্ধভিষেকৰ বাবে-তামৰ বাচন ব্যৱহাৰ কৰিব লাগে।আৰু লগতে সেই সময়ত-

ঔঁম নমাহঃ শিৰায়ঃ মন্ত্ৰটি জপ কৰিব লাগে।ইয়াৰ ফলত জীৱনত ধনৰ প্ৰভাৱ বাঢ়ি যায়।লগতে সুখ-সমৃদ্ধি বৃদ্ধি হয়।

*ধন সম্পত্তিৰ বাবে-সোমবাৰে শিৱ মন্দিৰৰ নিস্তব্ধ স্থানত বহি-ঔঁম নমাহঃ ধনদয় স্বাহা”এই মন্ত্ৰ ফাঁকি ১১বাৰ জাপ কৰিব লাগে।ইয়াৰ দ্বাৰা ধন-সম্পত্তি দ্ৰুতগতিত বৃদ্ধি পায় আৰু কামত সফলতা পোৱা যায়।

*বিবাহিত জীৱনৰ সমস্যা দূৰ কৰিবলৈ-সোমবাৰে শিৱ মন্দিৰলৈ গৈ ৰুদ্ৰাক্ষ দান কৰক।ইয়াৰ দ্বাৰা বিবাহিত জীৱনৰ সমস্যা দূৰ হয় আৰু সুখৰ সৃষ্টি হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!