32.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

সাৱধান বেছিকৈ চেনী নাখাব:কেৱল ডায়েবেটিছ নহয়,চেনীৰ পৰা হ’ব পাৰে বহু মাৰাত্মক ৰোগ

Assamese Newsসাৱধান বেছিকৈ চেনী নাখাব:কেৱল ডায়েবেটিছ নহয়,চেনীৰ পৰা হ’ব পাৰে বহু মাৰাত্মক ৰোগ

সাৱধান বেছিকৈ চেনী নাখাব।চেনি প্ৰয়োজনতকৈ বেছি খালে টাইপ-২ ডায়েবেটিছ, হাইপাৰটেনশ্যন, হাৰ্ট এট্ৰেক আৰু কিডনিৰ বিভিন্ন ৰোগ হ’ব পাৰে।বিশ্ব স্বাস্থ্য সংস্থাইও দিছিল বিশেষ সতৰ্কবাণী।বিশ্বৰ সকলো দেশতে বসবাস কৰা লোকৰ স্বাস্থ্য সম্পৰ্কত চিন্তা ব্যক্ত কৰি সকলো লোককে চেনি খোৱাৰ পৰিমাণ হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল বিশ্ব স্বাস্থ্য সংস্থাই।বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি কেৱল চেনি খোৱাৰ কাৰণেই ভাৰতত ২০২০ পৰ্যন্ত প্ৰায় ৩৫ কোটি লোক গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব।

এজন বয়স্ক ব্যক্তিয়ে দিনটোত কেবল ৬ চামুচ চেনিহে খোৱা উচিত।মধুমেহ, উচ্চ ৰক্তচাপ, মেদবহুলতা আদিৰ দৰে ৰোগে বৰ্তমান সময়ত অধিকাংশ লোককে জ্বলাকলা খুৱাইছে।এনে বহু ৰোগৰ কাৰণ অতিৰিক্ত চেনি।চেনি অধিকভাৱে খোৱাৰ ফলত বহু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।চেনীৰ যিমান উপকাৰীতা আছে, তাতকৈ বেছি আছে অপকাৰীতা।

গতিকে চেনীৰ পৰা সাধাৰণতে আঁতৰি থকাৰ ভাল।যদি একান্তই প্ৰয়োজন হয়, এজন প্ৰাপ্ত বয়স্ক মানুহে, দিনে ৩ চামুচ চেনী খাব পাৰে।তাতকৈ বেছি খোৱাতো স্বাস্থ্যৰ বাবে অপকাৰী।পাৰ্যমানে চেনিযুক্ত খাদ্য ত্যাগ কৰাৰ বাবে চেষ্টা কৰক।এক সুস্থ জীৱন যাপনৰ বাবে চেনি পৰিমিতভাৱে খোৱাটো অত্যন্ত প্ৰয়োজন।

চেনিয়ে মানৱ শৰীৰত সৃষ্টি কৰা কেইটামান অপকাৰ——-

▶অত্যাধিক পৰিমাণে চেনী খালে শৰীৰৰত বেয়া কোলেষ্ট’ৰেলৰ মাত্ৰা বাঢ়ি যায়।শৰীৰত অতিৰিক্ত চেনি থাকিলে হৃদৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।

▶অধিক পৰিমাণে চেনি খালে মেদবহুলতা, ব্লাড ছুগাৰ আৰু ব্লাড প্ৰেচাৰ আদিৰ সমস্যা হয়।তেজত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়।  

▶চেনি বেছিকৈ থকা খাদ্য বা পানীয় খালে টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্পূৰ্ণ আশংকা আছে।

▶বেছি পৰিমাণে চেনী বা মিঠা জাতীয় খাদ্য কিডনীৰ বাবে ভাল নহয়। কিডনীত পাথৰ সৃষ্টি কৰিব পাৰে। 

▶চেনীৰ গ্লোকজ শৰীৰে শোষণ কৰিব পাৰে।কিন্তু ৰিফাইনড চেনীত ফ্লোকটোজ বেছি থাকে।ফ্ৰোকটোজক একমাত্ৰ লিভাৰে পৰিশোধন কৰিব পাৰে।অত্যাধিক চেনী খালে লিভাৰে অতিৰিক্ত কাম কৰিবলগীয়া হয়।ফলত লিভাৰত জটিলতাৰ সৃষ্টি হয়।

▶চেনীত ক্ষতিকাৰক বেক্টেৰীয়া সজীৱ হৈ থাকে।গৱেষকৰ মতে, অত্যাধিক পৰিমাণে চেনী খালে প্যাংক্ৰিয়েটিক কেনচাৰ, প্ৰষ্টেট কেনচাৰ, ক্ষুদ্ৰান্তৰ কেনচাৰ,  ডিঙি,  ৰেকটাম, স্তন কেনচাৰৰ সম্ভাৱনা বাঢ়ি যায়।

▶দেহৰ বিভিন্ন হাড়ৰ সংযোগস্থল, বিশেষকৈ ভৰিৰ হাড়ৰ বিষ হোৱাৰ অন্যতম কাৰণ চেনী।

▶বেছি পৰিমাণে চেনী খালে শৰীৰত পুষ্টিৰ ভাৰসাম্যতা নষ্ট হয়।ৰোগ প্ৰতিৰোধ  ক্ষমতা হ্ৰাস পায়।

▶বেছি চেনী খালে পুৰুষ বা নাৰীৰ উভয়ৰে যৌন জীৱন ক্ষতিগ্ৰস্ত হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!