মন ভালে ৰখাৰ পাঁচটা উপায় কি ? জানক আৰু পঢ়ক

1 min read

বিভিন্ন সময়ত আমি আমাৰ মনটো নিয়ন্ত্ৰণ কৰিব লগা হয়। আচলতে যিকোনো কাৰণতে আমাৰ মন বেয়া লাগিব পাৰে । মন বেয়া লগাৰ নিৰ্দিষ্ট কোনো সময় নাই । শুই উঠাৰ পিছত , খোৱাৰ টেবুলত , অফিচত কাম কৰা সময়ত বা কাৰোবাৰ ফ’ন কলতো আমাৰ মন বেয়া লাগিব পাৰে ।

গোটেই দিনটো যাতে আপোনাৰ যিকোনো কাৰণত মন বেয়া নেলাগে , তাৰ কাৰণে কিছু পদ্ধতি অৱলম্বন কৰা দৰকাৰ । যি আপোনাৰ এই অভ্যাস নিয়ন্ত্ৰণ কৰি ৰাখিব ।

১/ যেতিয়াই আপোনাৰ মন বেয়া লাগে , তেতিয়াই আপুনি নিজৰ পচন্দৰ গান শুনাৰ চেষ্টা কৰক । প্ৰথমতে বিৰক্তি লাগিলেও কিন্তু এই অভ্যাসে আপোনাৰ মগজু ঠাণ্ডা কৰাত সহায় কৰিব । আচলতে গান হৈছে এনে এটা ঔষধ যি আপোনাৰ মন ভাল কৰিবই ।

২/ বহুতৰে মন বেয়া লাগিলে মাকৰ ওচৰ চাপিলে ভাল হৈ যোৱা দেখা যায় । আপোনাৰো যদি এই অভ্যাস আছে , তেন্তে মন বেয়া লাগিলে মাতৃৰ লগত কিছু সময় পাৰ কৰক ।

গল্প কৰক , কথা পাতক , দেখিব আপোনাৰ মনটো ভাল হৈ গৈছে । যিসকলৰ মাতৃ নাই , তেওঁলোকে বন্ধু-বান্ধৱীৰ লগত কিছু সময় পাৰ কৰক । অৱশ্যে যিসকলৰ লগত আপুনি সময় পাৰ কৰি ভাল পায় , সেইসকলৰ ওচৰলৈ যাব ।

নতুবা আপোনাৰ ভাল লগা পোহনীয়া প্ৰাণীৰ লগতো সময় পাৰ কৰিব পাৰে । এনে কৰিলেও আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিব ।

৩/ মগজু ঠাণ্ডা কৰাৰ আটাইতকৈ ভাল উপায় হৈছে চকলেট খোৱা । যেতিয়াই কাৰোবাৰ ওপৰত খং উঠে বা কিবা কাৰণত মন বেয়া লাগে , তেতিয়াই আপুনি এটুকুৰা চকলেট খাওঁক । দেখিব খুব সহজেই আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিছে ।

৪/ মন বেয়া লাগিলেই ভাল লগা পুৰণা কিতাপ পঢ়ক । যিখন পঢ়ি আপুনি এটা সময়ত খুব আনন্দ পাইছিল । যিকেইটা লাইন পঢ়িলে আপোনাৰ পুৰণা স্মৃতি মনত পৰে , তেনে লাইন বিচাৰি পঢ়িবলৈ চেষ্টা কৰক । এই পুৰণা স্মৃতিয়ে আপোনাৰ মন-মগজু ঠাণ্ডা কৰাত প্ৰচুৰ সহায় কৰিব ।

৫/ কাৰোবাৰ কাৰণে ভাল কাম কৰক । দেখিব আপোনাৰ সকলো খং , ক্ষোভ দূৰ হৈ গৈছে আৰু আপুনি প্ৰশান্তি অনুভৱ কৰিছে । অৰ্থাৎ যেতিয়াই আপোনাৰ মন বেয়া লাগিছে , আপুনি যিকোনো মানুহৰ কোনো এটা উপকাৰ কৰক । এনে কৰিলে আপোনাৰ মন-মগজু একেবাৰে ঠাণ্ডা হৈ যাব ।

বি : দ্ৰ : প্ৰতিবেদনটি তথ্যৰ ওপৰত আধাৰিত যদিও অত্যাধিক মানসিক চাপ আহিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । যিহেতু যিকোনো ধৰণৰ মানসিক চাপ কেতিয়াবা কোনো গুৰুতৰ ৰোগৰো কাৰণ হ’ব পাৰে ।

You May Also Like

More From Author