গৰম চাহ বা কফিয়ে জিভা পুৰিলে এইদৰে নিৰাময় পাব পাৰি

গৰম চাহ বা কফিয়ে জিভা পুৰিলে এইদৰে নিৰাময় পাব পাৰি

গৰম চাহ বা কফিৰ কাপত চুমুক দি জিভা পোৰাৰ অভিজ্ঞতা কম বেছি পৰিমাণে প্ৰায়ভাগৰে আছে৷ হঠাত গৰম খাদ্য খাবলৈ গৈ জিভা পোৰাটো স্বাভাৱিক ঘটনা৷ এনেকুৱা হ’লে খাদ্য গ্ৰহণত অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে খোৱা বস্তুৰ সোৱাদো ঠিকমতে পোৱা নাযায়৷ মছলাযুক্ত বা জ্বলা খাদ্যই জিভা যন্ত্ৰণা অধিক কৰে৷ এনে অৱস্থাত কি কৰা উচিত বা অনুচিত সেয়া বহুতৰে জ্ঞাত নহয়৷ জিভা পুৰিলে কোনোবাই পানী খায়, আন কোনোবাই আইচক্ৰিম বা মিঠা বস্তু খাই যন্ত্ৰণাৰ পৰা নিৰাময় লাভৰ চেষ্টা চলায়৷ বহুতে আকৌ ঠাণ্ডা পানী মুখত ৰাখি যন্ত্ৰণাৰ পৰা সকাহ পোৱাৰ চেষ্টা কৰে৷ কিন্তু এইবোৰৰ উপৰি কেতবোৰ উপায় আছে, যিবোৰৰ জৰিয়তে জিভা পোৰাৰ যন্ত্ৰণাৰ পৰা সহজে পৰিত্ৰাণ পাব পৰা যায়–

[১] সকলোৰে ৰান্ধনিশালত গাখীৰৰ পাউদাৰ আৰু চেনি থাকে৷ জিভা পুৰিলে জ্বলাভাব কমাবলৈ গাখীৰৰ পাউদাৰ আৰু চেনি ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে অকণমান গাখীৰ পাউদাৰ আৰু চেনি মিহলাই জিভাৰ পোৰা অংশত লগাওঁক৷ কিছুসময় পাত দেখিব পোৰা যন্ত্ৰণা কমিবলৈ ধৰিছে৷

[২] দেহৰ পোৰা অংশৰ প্ৰদাহ কমাবলৈ মৌ ব্যৱহাৰ কৰা হয়৷ জিভা পুৰিলেও এই উপায় কামত লগাব পাৰে৷ মৌ এণ্টি বেক্টেৰিয়েল উপাদান থাকে৷ এই উপাদানে সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ মৌ যিহেতু ঠাণ্ডা সেয়ে জিভা পোৰা যন্ত্ৰণা ই সহজে কমায়৷

[৩] জিভা পোৰা যন্ত্ৰণাৰ পৰা নিৰাময় পাবলৈ বৰফ ব্যৱহাৰ কৰিব পাৰে৷ বৰফৰ টুকুৰা ভাঙি জিভাৰ পোৰা অংশত লগাই ৰাখক৷ দেখিব লাহে লাহে যন্ত্ৰণা আঁতৰিছে৷ বৰফৰ সলনি এইক্ষেত্ৰত ফ্ৰিজৰ পানীও ব্যৱহাৰ কৰিব পাৰে৷

[৪] কুহুমীয়া পানীত সামান্য নিমখ মিহলাই সেই পানীৰে কুলি কৰিলেও জিভা পোৰাৰ যন্ত্ৰণা নিৰাময় হয়৷

[৫] টেঙা দৈয়েও জিভা পোৰা যন্ত্ৰণাৰ পৰা সকাহ দিয়ে৷ জিভাৰ পোৰা অংশত টেঙা দৈৰ প্ৰলেপ লৈ কিছুসময় থাকক৷ দেখিব লাহে লাহে যন্ত্ৰণা নাইকিয়া হৈছে৷

Shahnawaz Hamza

Related